চেঙাৰ পৰা সুৰজিৎ পাঠক
বৰপেটা জিলাৰ চেঙাৰ ইতিহাস প্ৰসিদ্ধ সিদ্ধযোগী শ্ৰীশ্ৰী ভণ্ডাবাবা সেৱাশ্ৰাম প্ৰাংগণত তেৰাৰ ৮৩সংখ্যক নাম মহোৎসৱৰ শুকুৰবাৰে সফল সামৰণি পৰে । দুদিন ধৰি নামধৰ্ম শ্ৰৱণ-কীৰ্তনেৰে মুখৰিত হয় চেঙাৰ চৌদিশ ।
প্ৰসিদ্ধ যোগীজনাৰ সেৱাশ্ৰম তথা সমাধি ক্ষেত্ৰত দুদিনীয়া মাংগলিক কৰ্মসূচীৰে উদ্যাপিত এইবেলিৰ নাম মহোৎসৱত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰে ।
প্ৰবাদ আছে যে যোগ আৰু ধ্যানৰ বাবে ব্ৰহ্মপুত্ৰৰ দোকাল-টকা বানত উটি আহি চেঙা অঞ্চলত থিতাপি লোৱা ঐশ্বৰিক গুণসম্পন্ন মানৱ দেহধাৰী এই যোগীজন বৃহত্তৰ চেঙা অঞ্চলত পাছলৈ কাৰ্যতঃ ঈশ্বৰ পুৰুষৰূপে পৰিচিতি লাভ কৰিছিল ।
ঘন জংঘলৰ মাজত সৰু জুপুৰি এটাত আশ্ৰয় লোৱা বংশ পৰিচয়বিহীন সিদ্ধযোগীজনাৰ ঐশ্বৰিক শক্তিৰ বাবে সেই সময়ত বৃহত্তৰ চেঙা অঞ্চলৰ লগতে দাঁতিকাষৰীয়া গাঁওসমূহৰ পৰাও তেৰাৰ দৰ্শন বিচাৰি ভক্তই ভিৰ কৰিছিল ।
বাক-সিদ্ধযোগী এইজনা ঈশ্বৰ পুৰুষৰ ৮৩সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ঐতিহাসিক শ্ৰীশ্ৰী ভণ্ডাবাবা সেৱাশ্ৰমত উদ্যাপিত এইবেলিৰ নাম মহোৎসৱৰ ভাগৱত পাঠ আৰু ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই কয়, “আমি আধ্যাত্মিকভাৱে সমৃদ্ধ হ’ব লাগিব ।
আধ্যাত্মিক চিন্তা তথা ভক্তিৰসেহে জীৱন সৌন্দৰ্যৰ সন্ধান দিব পাৰে । নামধৰ্ম আৰু আধ্যাত্মিক চিন্তাইহে সমাজক শুদ্ধ কৰিব পাৰে ।" ভাষণত ডঃ বৰুৱাই ৰুক্মিণী, নৰকাসুৰ আৰু হৰিহৰৰ যুদ্ধৰ প্ৰসংগৰে অসম ভূমিলৈ শ্ৰীকৃষ্ণৰ তিনিবাৰ আগমনৰ কথা উল্লেখ কৰি কয় যে ভক্তিধৰ্ম মানেই শ্ৰীকৃষ্ণ আৰু শ্ৰীকৃষ্ণ মানেই আনন্দ ।
নৰ মানেই নাৰায়ণ, সেয়ে মানুহে মানুহক কৰা অন্যায় এজন শ্ৰীকৃষ্ণই আন এজন শ্ৰীকৃষ্ণক কৰা অন্যায় বুলিও আধ্যাত্মিক চিন্তাপ্ৰৱল অভিমত দাঙি ধৰে । পাঠক কনক চন্দ্ৰ ঠাকুৰীয়াই পাঠ কৰা ভাগৱত গীতাৰ তাত্ত্বিক ভাষ্য আগবঢ়ায় ভাষ্যকাৰ মৃগেন্দ্ৰ নাৰায়ণ বৰুৱাই ।
এইবেলিৰ নাম মহোৎসৱৰ অখণ্ড বন্তি প্ৰজ্বলনৰ পিছত বান্দালী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত দ্বিজেন্দ্ৰ গোস্বামীয়ে ভোগঠগী স্থাপন কৰে । বৃক্ষ ৰোপণৰ শুভাৰম্ভ কৰে কমল ডেকাই । সন্ধিয়া সেৱাশ্ৰমৰ চৌহদ আৰু যোগীজনাৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলনৰ পিছতেই আমন্ত্ৰিত নাগাৰা আৰু বীৰ নামদলে নাম পৰিৱেশন কৰে ।
মৰনৈ গোৱালপাৰা শংকৰ-মাধৱ নামতি দল, হাউলীৰ চতুৰ্ভূজ বীৰ নাম দল, মঙলদৈৰ বৰবৰী আঞ্চলিক নাগাৰা নাম দল আৰু চেঙাৰ চিলাৰায় বীৰ নাম দল আৰু শ্ৰীমন্ত শংকৰদেৱ নাম দলে পুৱতি নিশালৈ নামধৰ্মৰ গুঞ্জনেৰে গোটেই পৰিৱেশটো জীপাল কৰাৰ শেষত প্ৰসাদ বিতৰণেৰে নাম মহোৎসৱৰ সামৰণি পৰে ।
- Log in to post comments
- 109 views