বৰলীয়া নদীৰ বুকুত পকী দলং বিচাৰি ৰাইজৰ মহা হোমযজ্ঞ

বৰলীয়া নদীৰ বুকুত পকী দলং বিচাৰি ৰাইজৰ মহা হোমযজ্ঞ

বাক্সা জিলাৰ দ্বাৰকুছি-কাউৰবাহা-গোৰেশ্বৰ সংযোগী পথৰ বৰলীয়া নদীৰ বুকুত থকা কাঠৰ দলংখন বহুবছৰ আগতে পানীৰ সোঁতে উটুৱাই লৈ যায় ।

পিছত ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰমদান কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিছিল যদিও সম্প্ৰতি এই বাঁহৰ দলংখন বৰলীয়াৰ বাঢ়নীপানীয়ে উটুৱাই লৈ যায় ।

বৰলীয়া নদীৰ বুকুত পকী দলং বিচাৰি ৰাইজৰ মহা হোমযজ্ঞ

ফলত এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিবলগা হৈছে । আজি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, তামুলপুৰ জিলা এবি এমছু আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত বৰলীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰিব পৰাকৈ অসম চৰকাৰ আৰু বিটিচি চৰকাৰৰ লগতে জনপ্ৰতিনিধিসকলক সুমতি প্ৰদান কৰাৰ বাবে এই মহা হোমযজ্ঞৰ আয়োজন কৰে ।

এই মহা হোমযজ্ঞত মুখ্য মন্ত্ৰী, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, গড়কাপ্তানী মন্ত্ৰী আৰু তামুলপুৰ আৰু ৰঙিয়াৰ বিধায়কসকলক সুমতি দিয়াৰ বাবে ভগৱানৰ ওচৰত ৰাইজে আঁঠু লৈ হৰিধ্বনিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।

বৰলীয়া নদীৰ বুকুত পকী দলং বিচাৰি ৰাইজৰ মহা হোমযজ্ঞ

এই হোমযজ্ঞত উপস্থিত থকা কণ কণ ছাত্ৰ-ছাত্ৰী, ৰাইজ আৰু ছাত্ৰ সংগঠনসমূহে বৰলীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে দাবী জনাই অসম চৰকাৰ হায়, হায়, বিটিচি চৰকাৰ হায়, হায়, গড়কাপ্তানী মন্ত্ৰী হায়, হায়, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, তামুলপুৰ আৰু ৰঙিয়াৰ বিধায়ক মূৰ্দাবাদ, আমাক দলং লাগে, দলং দিয়ক আদি শ্লোগানেৰে মহা হোমযজ্ঞস্থলী উত্তাল কৰি তোলে ।

বৰলীয়া নদীৰ বুকুত পকী দলং বিচাৰি ৰাইজৰ মহা হোমযজ্ঞ

দলংখন নোহোৱাৰ বাবে কেইবাখনো গাঁৱৰ ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যাব নোৱাৰাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ । বিদ্যালয়লৈ যাব নোৱাৰা ছাত্র-ছাত্ৰীসকলে এইদৰেই মহা হোমযজ্ঞত উপস্থিত থাকি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা কাৰ্যই ৰাজ্যৰ প্ৰকৃত উন্নয়নৰ স্বৰূপ উদঙাই তুলিছে । 

Your Comments