আধাৰ কাৰ্ডক বৈধতা প্ৰদান ছুপ্ৰিম কোৰ্টৰ

আধাৰ কাৰ্ডক বৈধতা প্ৰদান ছুপ্ৰিম কোৰ্টৰ

আধাৰ কাৰ্ডক সাংবিধানিকভাৱে বৈধ ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে আজি প্ৰদান কৰে এই গুৰুত্বপূৰ্ণ ৰায় । সেই অনুযায়ী এতিয়াৰে পৰা সমগ্ৰ দেশতে বাধ্যতামূলক হৈ পৰিব আধাৰ কাৰ্ড ।

৩৮ দিন ধৰি চলা দীঘলীয়া শুনানিৰ অন্তত যোৱা ১০ মে' তাৰিখৰ দিনা এই ৰায় সংৰক্ষিত ৰখা হৈছিল । আৰু সেই ৰায় আজি ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে ।

উল্লেখ্য যে এই ৰায়ত যদিও আধাৰ কাৰ্ডক বৈধ বুলি ঘোষণা কৰা হৈছে, তথাপিও কেইটামান গুৰুত্বপূৰ্ণ নির্দেশনাৰ জৰিয়তে সৰ্বসাধাৰণক আধাৰকেন্দ্ৰিক সমস্যাৰ পৰা ৰেহাই দিয়া হৈছে ।

আধাৰ কাৰ্ডক বৈধতা প্ৰদান ছুপ্ৰিম কোৰ্টৰ

সেই হিচাপত বেংক একাউণ্ট খোলাৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহ'ব বুলি স্পষ্ট কৰি দিয়ে ন্যায়ালয়ে । ইয়াৰ উপৰি ইউ জি চি, নেট, চি বি এছ ইৰ পৰীক্ষাত প্ৰয়োজয় নহ'ব আধাৰ কাৰ্ড ।

লগতে কোনো শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবেও প্ৰয়োজন নহ'ব আধাৰ কাৰ্ড । আনহাতে, কোনো ব্যক্তিগত প্ৰতিষ্ঠানে কোনো ব্যক্তিক আধাৰ কাৰ্ড বিচাৰিব নোৱাৰিব বুলিও আদালতে আজি ৰায় প্ৰদান কৰিছে ।

ছীম সম্বন্ধীয় বিষয়ৰ পৰাও ৰেহাই দিয়া হৈছে আধাৰ সমস্যাক । অৱশ্যে পান কাৰ্ডৰ লিংকৰ বাবে বাধ্যতামূলক হ'ব আধাৰ কাৰ্ড । ইয়াৰ উপৰি ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি অবৈধ প্ৰব্ৰজনকাৰীক প্ৰদান কৰা নহ'ব আধাৰ কাৰ্ড ।

বায়'মেট্ৰিক ডাটা প্ৰদানত লাগিব ন্যায়ালয়ৰ অনুমতি । ২৭খন আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ এই ৰায় ৷ 

Your Comments