আজি বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনস্থ বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখনি গুৰুত্বপূৰ্ণ স্বাস্থ্য সজাগতা সভা ৷
অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ জৰিয়তে বিভিন্ন বিদ্যালয়ত চলাই থকা স্বাস্থ্য সজাগতা কাৰ্যসূচীৰ অংশস্বৰূপে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এছ ডব্লিও প্ৰসন্ন শইকীয়াৰ তত্ত্বাৱধানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত মেলেৰিয়া, ডেংগু আদি ৰোগৰ ওপৰত সজাগতা, সৰ্তকতা আৰু নিৰাপত্তা সম্পৰ্কীয় সভা অনুষ্ঠিত হয় ৷
এই কাৰ্যসূচীৰ অংশস্বৰূপে আজি বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ৰোগৰ প্ৰতিৰোধ, নিৰাময় আৰু সজাগতা সম্পৰ্কে তথ্যসম্বলিত বক্তব্য আগবঢ়ায় স্বাস্থ্য কৰ্মীসকলে ৷
এই সজাগতা সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰিস্মিতা দেৱনাথ, শিক্ষয়িত্ৰীদ্বয় জোনালী দেউৰী, হিমানী সাহাৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল বুলি বটদ্ৰৱা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰামপ্ৰসাদ নাথে জানিবলৈ দিছে ৷
- Log in to post comments
- 73 views