নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙীয়াত চাৰি মাহ পূৰ্বে সংঘটিত এক হত্যাকাণ্ডৰ অপৰাধীক আজি পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । চলিত বৰ্ষৰ ৭ মে'ত সংঘটিত এই হত্যাকাণ্ডৰ লগত জড়িত আবুল কাছেম নামৰ অপৰাধীজন আৰক্ষীৰ সন্মুখতে টিঘিলঘিলাই ঘূৰি ফুৰাৰ অভিযোগ উঠিছে ।
তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ১৪৯/১৮ নম্বৰ গোচৰৰ জামিন বিচাৰি নগাঁও আদালতত কেইবাবাৰো আবেদন কৰাৰ পিছতো বাৰে বাৰে মুখ থেকেচা খাবলগা হৈছে । তৎসত্ত্বেও জুৰীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই অপৰাধীজনক ।
যাৰবাবে তেওঁ ভুক্তভোগী পৰিয়ালৰ লোকক বিভিন্ন ধৰণে ভয়-ভাবুকি প্ৰদান কৰি আহিছে । এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।
অৱশেষত মৃত বৃদ্ধগৰাকীৰ পুত্ৰ মন্নাছ আলীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক লেখ আবেদন দাখিল কৰি অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল । ন্যায়ালয়ে ইতিমধ্যে লেখ আবেদনটো নিষ্পত্তি কৰি সংশ্লিষ্ট তদন্তকাৰী আৰক্ষীৰ বিৰুদ্ধে অসম আৰক্ষীৰ দায়বদ্ধতা আয়োগৰ ওচৰত গোচৰ দাখিল কৰিবলৈ গোচৰীয়া পক্ষক নিৰ্দেশ দিয়াৰ লগতে এই ক্ষেত্ৰত আয়োগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ।
মন কৰিবলগীয়া যে হত্যাকাৰী আবুল কাছেমে আদালতত নগাঁও অসামৰিক চিকিৎসালয়ৰ এক ভুৱা প্ৰমাণ-পত্ৰ দাখিল কৰি অগ্ৰিম জামিনৰ চেষ্টা চলোৱাৰ অভিযোগো উঠিছে ।
উল্লেখ্য, হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা চিকিৎসালয়খনত ভৰ্তি হোৱাৰ তথ্য দাখিল কৰি আৰক্ষী আৰু আদালতৰ চকুত ধূলি দি সাৰি যোৱাৰ চেষ্টা চলাই আহিছে । এনে জালিয়াতিৰ ক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা ৰহস্যজনক ভূমিকাৰ বাবে মন্নাছ আলীয়ে নগাঁও সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে ।
সদৰ আৰক্ষীয়ে ৩১৬২/১৮ নম্বৰত গোচৰ ৰুজু কৰি চিকিৎসালয়খনৰ অধীক্ষক, চিকিৎসকক সোধা-পোছা অব্যাহত ৰাখিছে যদিও অদ্যাপিও কোনো এজনকো আটক কৰা নাই ।
- Log in to post comments
- 6 views