হোজাইত ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী জিলা আমছুৰ

hojai

মৰিগাঁও জিলাৰ লাহৰীঘাটত এগৰাকী মেধাৱী ছাত্ৰী নাচৰিন কাউচাৰৰ ৰহস্যজনক মৃত্যুৰ সঠিক ন্যায়িক তদন্তৰ দাবী কৰিছে মৰিগাঁও জিলা আমছুৱে ।

মৃত ছাত্ৰীগৰাকী লাহৰীঘাটৰ টেঙাগুৰি গাঁৱৰ ৷ উল্লেখ্য যে ছাত্ৰীগৰাকী হোজাইৰ মৰিয়ম আজমল উইমেন কলেজত অধ্যায়নৰত আছিল ।

hojai

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষৰ আবাসিক ছাত্ৰীগৰাকীয়ে কলেজত পাঠদান চলি থকা অৱস্হাত কলেজ বিল্ডিঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰে । কিন্তু এই মৃত্যুক সহজভাৱে ল'ব পৰা নাই ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে স্হানীয় ৰাইজে ।

কিয়নো যদিহে এগৰাকী ছাত্ৰীয়ে পাঁচ মহলাৰ ওপৰৰ পৰা জাঁপ দি আত্মহত্যা কৰে তেন্তে তাইৰ শৰীৰত থাকিব লাগিব আঘাতৰ চিন । কিন্তু তাৰ পৰিৱৰ্তে ছাত্ৰীগৰাকীৰ শৰীৰত নাছিল কোনো ধৰণৰ আঘাতৰ চিন ।

hojai

ইয়াৰ পৰিৱৰ্তে ডিঙিতহে আছে আঘাতৰ চিন । পৰিয়ালৰ লোকৰ অভিযোগ মতে ছাত্ৰীগৰাকীৰ মৃত্যু এক হত্যাকাণ্ড ।

কলেজ কৰ্তৃপক্ষই এই হত্যাকাণ্ডটো আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে । লগতে ঘটনা সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী কৰিছে পৰিয়ালটোৱে ।

Your Comments