সোণাৰিৰ নিৰীহ যুৱ ব্যৱসায়িক সেনাৰ উগ্ৰপন্থী সজোৱাৰ অপচেষ্টা

সোণাৰিৰ নিৰীহ যুৱ ব্যৱসায়িক সেনাৰ উগ্ৰপন্থী সজোৱাৰ অপচেষ্টা

উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ লগতে অসম, অৰুণাচল প্ৰদেশ তথা নাগালেণ্ডৰ নিৰপৰাধী লোকক  সেনাই উগ্ৰপন্থী সজোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

শেহতীয়াকৈ সোণাৰিৰ তিনিগৰাকী যুৱ ব্যৱসায়ীৰ লগতে অৰুণাচল প্ৰদেশৰ  তিনিজনকৈ যুৱকক সেনাবাহিনীয়ে আটক কৰি উগ্ৰপন্থী সজোৱাৰ অপচেষ্টাৰ পাছত অৰুণাচলৰ এগৰাকী বিধায়ক আৰু অসমৰ চৰাইদেউ জিলাৰ আৰক্ষী প্ৰশাসনৰ তৎপৰতাত সেনাবাহিনীৰ হাতৰ পৰা মুকলি হৈ অহাৰ পাছতে এই সমগ্ৰ তথ্য সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰিছে সোণাৰিৰ ভুক্তভোগী যুৱ ব্যৱসায়ীয়ে ।

উল্লেখ্য যে যোৱা ১৪ ছেপ্টেম্বৰত সোণাৰিৰ তিনি ব্যৱসায়ী ইমতিয়াজ ৰহমান, আকবৰ শ্বেখ আৰু চিকন্দৰ চাহানী অৰুণাচলৰ লংডিঙলৈ গৈছিল ব্যৱসায়িকসূত্ৰে । সোণাৰিৰ পৰা যোৱা যুবককেইজনক লংডিংত যাত্ৰাপথত স্থানীয় তিনিগৰাকী যুৱক পালাই ৱাংচু, বাংপহ লুকহাম, লুংকুৱা লুকহামে সংগ দিয়ে ।

কিন্তু লংডিঙৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ লাংখাওবস্তিত অৰুণাচলৰ লংডিংস্থিত ভাৰতীয় সেনাবাহিনীৰ শিখ ৰেজিমেণ্টৰ এটা দলে আটাইকেইগৰাকীকে আটক কৰি সেনা শিবিৰলৈ লৈ যায় ।

ইফালে আটকাধীন পাঁচগৰাকী যুৱকক পিছদিনা পুৱা উকা কাগজত চহী কৰাই লংডিং আৰক্ষীক চমজাই দিয়াৰ লগতে পাঁচগৰাকী এন এছ চি এন উগ্ৰপন্থীক সেনাই আটক কৰা বুলি  সংবাদ মাধ্যমত প্ৰকাশ কৰে ।

ইফালে আটকাধীন যুৱককেইজনে সুবিধা বুজি অৰুণাচলৰ এগৰাকী বিধায়ক তথা ছাত্ৰ সংগঠন আৰু সোণাৰিৰ আত্মীয়ৰ লগত যোগাযোগ কৰি ঘটনা সন্দৰ্ভত অৱগত কৰাত উপায়ুক্তৰ জৰিয়তে আৰক্ষীৰ  হাতৰ পৰা মুকলি কৰি আনে যুৱককেইজনক ।

আনহাতে, সমগ্ৰ ঘটনাটো উপায়ুক্তগৰাকীয়ে অনুসন্ধান কৰি যুৱককেইজন যে নিৰপৰাধী তথা এন এছ চি এনৰ লগত জড়িত নহয় তাৰ তথ্য লাভ কৰি সেনাবাহিনীক স্পষ্টীকৰণ দিয়ে ।

চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত সেনাৰ অত‍্যাচাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ সহযোগত টাই আহোম যুৱ পৰিষদ, বীৰ লাচিত সেনাৰ দৰে সংগঠনে পথ অৱৰোধ, ধৰ্ণা আদিৰ যোগেৰে আৰু অৰুণাচলৰ ৱাংচো ছাত্ৰ সন্থাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ লগতে উপায়ুক্তক স্মাৰক-পত্ৰযোগে  ভাৰতীয় সেনাই সাধাৰণ লোকৰ ওপৰত চলোৱা নিৰ্মম অত‍্যাচাৰ শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে ।

Your Comments