"শিক্ষা জাতিৰ বাবে মেৰুদণ্ডস্বৰূপ । আজিৰ প্ৰতিভাৰ প্ৰতিযোগিতাৰ যুগত শিক্ষাই হ'ল অমোঘ অস্ত্ৰ । সেয়েহে আমাৰ জাতীয় জীৱনৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ জ্ঞানাহৰণেই ছাত্ৰ-ছাত্ৰীসকলৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিত ।"
বৰপেটা জিলাৰ নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি অনুষ্ঠিত প্ৰতিভা সন্ধানী পৰীক্ষা কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ দাসে ।
উল্লেখ্য যে বিগত বছৰবোৰৰ দৰে এইবেলিও নগাঁও শিক্ষা মন্দিৰ হাইস্কুলত নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ শৈক্ষিক কাৰ্যসূচী হিচাপে পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় পূব বৰপেটা জিলাৰ অন্তৰ্গত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিভা সন্ধানী পৰীক্ষা ।
পূব বৰপেটাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশ আৰু প্ৰদৰ্শনৰ এক মাধ্যমলৈ ৰূপান্তৰ হোৱা এইবেলিৰ প্ৰতিভা সন্ধানী পৰীক্ষাত বৰপেটা জিলাৰ পূব প্ৰান্তৰ নগাঁও শিক্ষা মন্দিৰ হাইস্কুল, ডঃ বাণীকান্ত কাকতি হাইস্কুল, বাগোদি হাইস্কুল, জি অ' চি হাইস্কুল, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়,
বি আৰ মিলন হাইস্কুল,বি কে এ এফ হাইস্কুল, বি কে এ এফ জাতীয় বিদ্যালয়, বনিয়াকুছি হাইস্কুল, খৰধৰা হাইস্কুল, শংকৰদেৱ শিশু নিকেতন চেঙা, বহৰি হাইস্কুল, বৰবিলা হাইস্কুল, বৰপেটা হাইস্কুল, ব্যাসকুছি হাইস্কুল আদিকে ধৰি ২০খন বিদ্যালয়ৰ ৬৭৩গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় ৷
নগাঁও শিক্ষা মন্দিৰ হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি দীনেশ পাঠকে প্ৰতিভা সন্ধানী পৰীক্ষা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলক শুভাশিস দিয়াৰ সময়ত উপস্থিত থাকে নগাঁও ৰাস সমিতিৰ সভাপতি ঘনশ্যাম তালুকদাৰ, নগাঁও শিক্ষা মন্দিৰ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মহিদত্ত বায়ন,
সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাস, বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উৎপল ৰয়, নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰদীপ দাস (ৰাতুল), নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে শৈলেন শৰ্মা আৰু গৌতম পাঠককে ধৰি বহুকেইজন বিশিষ্ট লোক ৷
- Log in to post comments
- 40 views