
নিউজ ডেস্ক:
অসমীয়া ভাষা আৰু মাধ্যম বিৰোধী ষড়যন্ত্ৰকাৰী মন মগজুত ভূপেনদাৰ গীতৰ শব্দৰে ক্ৰিয়া কৰক।সুধাকণ্ঠ জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জনাই এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ।দীঘলীপুখুৰীৰ পাৰত ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা ৯৬সংখ্যক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জনাই বৰুৱাই কয়- তেওঁ আমাৰ জাতিটোৰ বাবে সাহস।প্ৰতিটো গানৰ শব্দৰে অনুপ্ৰেৰণা প্ৰদান কৰিছে অসমীয়া জাতিক।
চৰকাৰে বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ নামত আসন সংৰক্ষণ কৰা কথা ঘোষণা কৰিছিল।কিন্তু বিগত এটা বছৰে কাৰ্যকৰী নকৰিলে ঘোষণাতে থাকিল বিষয়টো- আক্ষেপ প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰে কয়।
উল্লেখ্য যে অন্য বছৰসমূহৰ দৰে এইবাৰো আছুৱে সুধাকণ্ঠ গৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি এই উদ্দীপনা শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰে।বিভিন্ন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক-গায়িকাৰ মাজত ভূপেন্দ্ৰ সংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছে।
ভূপেনদাৰ সৃষ্টিৰাজি আগবঢ়াই নিবলৈ প্ৰত্যেক প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব লাগে সুধাকণ্ঠৰ সৃষ্টিৰাজি।গুৱাহাটী ৰেল ষ্টেচনটো নামাকৰণ কৰিব লাগে সুধাকণ্ঠৰ নামেৰে।মহাৰাষ্ট্ৰই পাৰিছে তেওঁ লোকৰ স্বাভিমান ৰক্ষা কৰিবলৈ।গতিকে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে কিয় নোৱাৰিম?- এই প্ৰশ্ন আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজীক গৱেষণাৰ বাবে এখন আন্তৰ্জাতিক পৰ্যায়ৰ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰাৰ লগতে সুধাকণ্ঠ গৰাকীৰ সমাধিস্থলী আহল- বহল কৰিব লাগে- ভট্টাচাৰ্যই চৰকাৰক দাবী জনাই কয়।
উল্লেখ্য যে, গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সুধাকণ্ঠ গৰাকী প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি জনাই আছুৱে।মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰি আছুৱে জন্মদিনত স্মৰণ কৰে বিশ্ব বৰেণ্য শিল্পী গৰাকীক।শ্রদ্ধাঞ্জলি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ প্ৰমুখ্যে কেন্দ্ৰীয় সমিতিৰ সদস্য আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ একাংশ বিষয়ববীয়া কর্মী উপস্থিত থাকে।
- Log in to post comments
- 10 views