বেচৰকাৰী সংস্থা 'বৰলুইত'ৰ শিক্ষক দিৱসৰ সম্বৰ্ধনা মহানগৰীত

A

নিউজ ডেস্ক:

কেইজনমান উদ্যমী যুৱকৰ উদ্যোগত গঢ় লৈ উঠা  "বৰলুইত" আশাৰ ৰেঙনী নামৰ বে-চৰকাৰী সংস্থাটোৱে শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত অশেষ ত্যাগ আৰু পৰিশ্ৰমেৰে সমাজ জীৱনলৈ অৱদান আগবঢ়াই অহা মহানগৰীৰ বহুকেইজন শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে ৷বে- চৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৱে মহানগৰীৰ শিক্ষাবিদ ড° অমৰজ্যোতি চৌধুৰী, কটন কলেজিয়েট, কামৰূপ একেডেমী, তাৰিনী চৌধুৰী বহুমুখী বিদ্যালয়, জ্যেষ্ঠ সাংবাদিক তথা আসাম স্কুল অৱ জাৰ্ণেলিজিমৰ প্ৰতিষ্ঠাপক মনোৰম গগৈ, মালিগাঁওস্থিত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° এডিচন আলি, প্ৰবক্তা  ড° দিপেন দাস,  জ্যেষ্ঠ শিক্ষাবিদ ড° দয়ানন্দ পাঠককে আদি কৰি মহানগৰীৰ কেইবাখনো আগশাৰীৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক-অধ্যক্ষক শিক্ষক দিৱসৰ সম্বৰ্ধনা জনায়।শিক্ষানুষ্ঠানৰ লগতে আৰু শিক্ষাগুৰু সকলৰ নিজ-নিজ বাসগৃহলৈ গৈ সংস্থাটোৱে  সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷

Your Comments