
নিউজ ডেস্ক:
ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত তৃতীয় শ্রেণীৰ পৰা দশম শ্রেণী লৈ গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়োৱা চৰকাৰৰ সিদ্ধান্তৰ প্ৰসংগত পুনৰ যুক্তি প্ৰদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।সত্য বুলি জনা কথাটো আমি সত্য বুলি মানি লবলৈ টান পাওঁ।মই জানো মোৰ ল’ৰা ছোৱালী গণিত আৰু বিজ্ঞান অসমীয়াত পঢ়ি ডাক্তৰ ইঞ্জিনীয়াৰ হ'ব নোৱাৰে।
কলাক্ষেত্ৰত শিক্ষক দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী শৰ্মাই কয়-সাহিত্য সভাৰ সভাপতিয়ে নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ায় আৰু দুখীয়াৰ ল’ৰা- ছোৱালীক অসমীয়াত পঢ়িব কয়।অসমীয়া ভাষা ৰক্ষা কৰাটো কেৱল দুখীয়াৰ দায়িত্ব নহয়।
আনহাতে সংবাদ মাধ্যমত অসমীয়া মাধ্যমত পঢ়া কথা কৈ থকাসকলক উদ্দেশ্যে কৰি শৰ্মাই কয়- টিভিত গৈ মাতৃভাষাৰ ওপৰত যিসকলে ট'ক শ্ব' কৰে সেইসকলে ল'ৰা- ছোৱালীয়ে চেণ্ট মেৰীজ, চেণ্ট যোচেফ আদিত পঢ়ায় ৷
"এনেদৰে জাতি আগবাঢ়িব নোৱাৰে।মাতৃভাষাৰ বিদ্যালয় জীয়াই ৰাখিবলৈ গণিত ইংৰাজীৰ ক্ষেত্ৰত সমসাময়িক পৃথিৱীৰ লগত মিলাই পঢ়াব লাগিব।সাহিত্য-দৰ্শন আদি মাতৃভাষাত পঢ়াব লাগিব"- শৰ্মাই কয়।
- Log in to post comments
- 6 views