মৰিগাঁৱৰ নৱ নিযুক্ত উপায়ুক্ত দেৱাশীষ শৰ্মা আৰু সংবাদকৰ্মীৰ মাজত মতবিনিময়

A

নিউজ ডেস্ক:
মৰিগাঁৱৰ  নৱ নিযুক্ত উপায়ুক্ত দেৱাশীষ শৰ্মা আৰু সংবাদকৰ্মী সকলৰ  মাজত আজি এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নৱ নিযুক্ত উপায়ুক্ত দেৱাশীষ শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা মতবিনিময় অনুষ্ঠানত জিলাখনৰ বান -গৰাখহনীয়া,মৰিগাঁও চহৰৰ যান-জঁট,চহৰৰ মূল পথত সৃষ্টি হৈ থকা সমস্যা, পৰ্যটন,পাটেকিবড়ী সত্ৰ,জিলাখনৰ পথৰ সমস্যা  আদি কৰি জিলা খনৰ বিভিন্ন সমস্যা সমূহৰ বিষয়ে আলোচনা কৰা হয়। নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে জিলা খনৰ সমস্যা সমূহ গুৰুত্ব সহকাৰে লৈ সকলোৱে সহায় সহযোগিতাৰে পৰ্যায় ক্ৰমে সমাধানৰ পোষকতা কৰে। তদুপৰি মৰিগাঁও জিলা ঘোষণা হোৱা ১৪ অক্টোবৰৰ দিনটোত উদযাপন কৰি অহা মৰিগাঁও দিৱসটো জিলা প্ৰশাসনে সকলো দল সংগঠন,সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাই থকা বুলি উল্লেখ কৰে। দিৱসটো সফল কৰি তুলিবলৈ সকলোৱে সহযোগিতা কামনা কৰি কয় মৰিগাঁও জিলা খন হৈছে এক ইতিহাস সম্বলিত জিলা। জিলাখনত যথেষ্ট সমস্যা আছে। ৰাজ্যৰ ৰাজধানী গাতে লাগি থকা জিলা হিচাপে উন্নয়ন যথেষ্ট প্ৰয়োজন। জিলাখন উন্নয়ন কৰিবলৈ পাৰ্যমানে চেষ্টা কৰা হব যদিও এইক্ষেত্ৰত সকলো শ্ৰেণী নাগৰিকে সহায় সহযোগিতা প্ৰয়োজন হব বুলি উল্লেখ কৰে। মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুনে অংশগ্ৰহণ কৰা মতবিনিময় অনুষ্ঠানটোত জিলাখনৰ প্ৰায় সকল সংবাদকৰ্মীয়ে অংশ গ্ৰহণ কৰে৷

 

Your Comments