
নিউজ ডেস্ক:
"মাদ্ৰাছাক উচ্ছেদ কৰাক বিৰোধিতা বিধায়ক অখিল গগৈৰ।মাদ্ৰাছা উচ্ছেদ কৰি চৰকাৰে বেয়া কাম কৰিছে।অ-গণতান্ত্ৰিক, ফেচিষ্ট কাম কৰিছে অসম চৰকাৰে"- এই মন্তব্য বিধায়ক অখিল গগৈৰ।ভাৰতৰ সংবিধানৰ ৩০নং অনুচ্ছেদটো মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক পঢ়ি চোৱাৰ আহ্বান শিৱসাগৰ বিধায়ক গৰাকীৰ।৩০নং অনুচ্ছেদে সংখ্যালঘুক নিজৰ শিক্ষানুষ্ঠান খোলাৰ অধিকাৰ দিছে।মাদ্ৰাছা বন্ধ, আক্ৰমণ বা উচ্ছেদ কৰা ট্রেণ্ড অ-গণতান্ত্ৰিক।
"এটা বিভাগৰ সঞ্চালকে দুৰ্নীতি কৰিলে সঞ্চালকালয় ভাঙি দিব নেকি?মন্ত্ৰী ৰাষ্ট্ৰদ্ৰোহ আৰু দুৰ্নীতিত দোষী সাব্যস্ত হ'লে দপ্তৰতো ভাঙি দিয়া হ'ব নেকি?অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহী কাম কৰা প্ৰমাণিত হলে জনতা ভৱনটো ভাঙি দিব নেকি"-মাদ্ৰাছা উচ্ছেদক বিৰোধিতা কৰি প্ৰশ্ন বিধায়ক অখিল গগৈৰ।
কি আইনৰ ভিত্তিত অভিযুক্ত ঘৰ বা কাম কৰা মাদ্ৰাছা ভঙা হৈছে।কি আইনৰ মতে অভিযুক্তক এনকাউণ্টাৰ কৰা হৈছে তাৰ হিচাপ অসমৰ ৰাইজে বিচাৰিছে- এই মন্তব্য বিধায়ক গগৈৰ।অসমত এতিয়া সঁচা কথা কোৱা পৰিৱেশ নাই।সঁচা কথা কলেই দেশদ্ৰোহ-ৰাষ্ট্ৰদ্ৰোহত পৰিণত হয়।
- Log in to post comments
- 8 views