২২ছেপ্টেম্বৰত আৰক্ষীকে ধৰি বিভিন্ন বিভাগত পুনৰ ১২হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে

A

নিউজ ডেস্ক:

ৰাজ্যৰ নিবনুৱালৈ ভাল খবৰ।২২ছেপ্টেম্বৰত আৰু ১২ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব ৰাজ্য চৰকাৰে।

অসম আৰক্ষী কনিষ্টবল, উপ-পৰিদৰ্শকৰ ৫২০০পদৰ প্ৰাৰ্থীক বিতৰণ কৰিব নিযুক্তি পত্ৰ।ইয়াৰ লগতে ২৫৬ গৰাকী লোকনিৰ্মাণ বিভাগ, উচ্চশিক্ষা, গ্ৰামোন্নয়ণ, কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু অন্যান্য বিভাগত এই নিযুক্তি পত্ৰ বিতৰণ কৰিব।উল্লেখ্য যে চলিত বৰ্ষত অসম আৰক্ষীৰ বিভিন্ন পদৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হৈছে।আজি জনতা ভৱনত অনুষ্ঠিত এক বৈঠকৰ পিছতেই বিবৃত্তিৰ জৰিয়তে এই কথা জনায় অসম চৰকাৰে।গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিব নিযুক্তি পত্ৰ।

তাৎপৰ্যপূৰ্ণ কথা এই যে অসম চৰকাৰৰ ১লাখ নিযুক্তি অংশ হিচাপে বিতৰণ কৰিব এই নিযুক্তি পত্ৰ।পূৰ্বতে ৩০ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিছে চৰকাৰে।১২হাজাৰ নিযুক্তিৰ পিছত ১লাখ নিযুক্তিৰ লক্ষ্য ৪২হাজাৰলৈ বৃদ্ধি পাব।

Your Comments