
নিউজ ডেস্ক:
"জেহাদী কাৰ্যকলাপ য'ত হ'ব সেই মাদ্ৰাছাটো ভাঙিবই লাগিব।নহলে অসমৰ মানুহ অলপ দিনৰ পিছত মানৱ বোমা আক্ৰমণত মৰিব"-এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।জেহাদীয়ে প্ৰথম মানুহক ধৰ্মীয় উন্মাদ কৰিবলৈ যত্ন কৰিছে।ধৰ্মীয় উন্মাদ হোৱাৰ পিছত বোমা বান্ধি লৈ গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত বোমা বিস্ফোৰণ কৰিব, কল্যাণকামী চৰকাৰে এইয়া হ'বলৈ দিব নোৱাৰো।আমি মাদ্ৰাছা বিৰোধী নহয় কিন্তু মাদ্ৰাছা জেহাদী কাৰ্যকলাপ বিৰোধী- মন্ত্ৰী হাজৰিকাই কয়।
মাদ্ৰাছা ভাঙি দিয়া কাৰ্যত স্থানীয় মানুহে সহায় কৰিছে।সকলো মানুহ বেয়া নহয়।এআইইউডিএফ-কংগ্ৰেছ দল জেহাদী সমৰ্থক হয়।দল দুটাত বহুত জেহাদীৰ সমৰ্থক আছে।চৰকাৰে জেহাদীৰ বিৰুদ্ধে কঠোৰ হলে এই দল সমূহে বেয়া পায়।কিন্তু আমি ওকণিৰ ভয়ত চুলি খুৰাই দিয়া মানুহ নহয়- হাজৰিকাই কয়।
ইফালে এআইইউডিএফক আহ্বান জনাই মন্ত্ৰীয়ে কয় আপোনালোকে ৰাইজৰ মাজলৈ গৈ বুজাওক জেহাদী কাৰ্যকলাপৰ পৰা আঁতৰি থাকক।ভাৰতীয়, অসমীয়া হবলৈ সেইসকলক শিকাওক।জেহাদীৰ কাৰ্যাকলাপ হোৱা অনুষ্ঠান ভাঙিলে মই বেয়া নাপাওঁ।
- Log in to post comments
- 5 views