নিউজ ডেস্ক:
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ৰ চৌহদতে সাংবাদিকৰ প্ৰশ্নৰ উত্ত দিবলৈ গৈ সাংবাদিক তথা সাংবাদিকতা সন্দৰ্ভত কেতবোৰ মৰ্য্যদা হানিকাৰক মন্তব্য কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰাম, অসমে। উল্লেখ্য যে,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সামাজিক মাধ্যমত কৰা এক মন্তব্যৰ আধাৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কয় যে "অৰবিন্দ কেজৰিৱালৰ কথা সুধি থাকিলে তেওঁ সংবাদ গোষ্ঠী সমূহৰ মালিকক সাংবাদিকৰ দৰমহা কাটিবলৈ ক'ব। মুখ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যক আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে সাংবাদিক সংগঠনটোৱে কঠোৰ ভাষাৰে সমালোচনা কৰি গৰিহণা দিয়ে। বিবৃতিটোত ফৰামৰ সভাপতি বেদব্ৰত বৰা আৰু সাধাৰণ সম্পাদক নৱজ্যেতি কলিতাই কয় যে 'ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা এজন ব্যক্তিয়ে এনে মন্তব্য কৰাটো কেতিয়াও শোভা নাপায়, মুখ্যমন্ত্ৰী গৰাকীৰ এনে আচৰণ সুস্থ চিন্তা আৰু গনতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি চৰম ভাবুকি বুলিও ফৰামৰ নেতৃত্বই মত প্ৰকাশ কৰে । ফৰামে বিবৃতিটোৰে আঙুলিয়াই দিয়ে যে সংবাদ মাধ্যমৰ মুখবন্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ কিমান তৎপৰ হৈ উঠিছে সেয়া তেওঁৰ কালিৰ বক্তব্যই পুনৰবাৰ প্ৰমান কৰিছে।
বিবৃতিটোৰ জৰিয়তে ফৰামে ৰাজ্যৰ প্ৰতিগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীক একলগ হৈ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈও আহ্বান জনাইছে, নহ'লে শাসকীয় দল আৰু চৰকাৰৰ এই প্ৰৱনতাই সাংবাদিক আৰু সামগ্ৰিকভাবে সংবাদ মাধ্যমৰ প্ৰতি আৰু অধিক ভাবুকি কঢ়িয়াই আনিব বুলিও সংগঠনটোৱে শংকা প্ৰকাশ কৰিছে।
- Log in to post comments
- 9 views