দেশৰ ৫খন উন্নত ৰাজ্যৰ তালিকাত কেতিয়া সোমাব অসম? মুখ্যমন্ত্ৰীক প্ৰশ্ন ভূপেন বৰাৰ

A

নিউজ ডেস্ক:

 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ৫খন উন্নত ৰাজ্যৰ ভিতৰলৈ আনিব আৰু মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) ৰ ক্ষেত্ৰতো ৫ নম্বৰৰ ভিতৰত থাকিব বুলি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি কেতিয়ালৈ পূৰণ হ'ব বুলি আজি প্ৰশ্ন তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই।
নতুন দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত সাংবাদিকৰে হোৱা কথা-বতৰাৰ সময়ত বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক প্ৰশ্ন কৰিছে নিৰ্বাচনৰ সময়ত দিল্লীক লণ্ডন, পেৰিছৰ দৰে গঢ়ি তুলিব বুলি প্ৰতিশ্ৰুতি দিছিল।সেইয়া কেতিয়া হৈ উঠিব বুলি শৰ্মাই কৈছিল।অসমৰ মুখ্যমন্ত্ৰীয়ে এইটো এটা ভাল প্ৰশ্ন তুলিছে বুলি কৈ বৰাই কয় যে অসমৰ মুখ্যমন্ত্ৰীজনে নিৰ্বাচনৰ সময়ত "অসমক ৫ নম্বৰৰ ভিতৰলৈ আনিম" বুলি দিয়া প্ৰতিশ্ৰুতিৰ কি হ'ল তাৰো উত্তৰ এতিয়া ৰাইজক দিয়ক।ৰাইজে ৫নম্বৰৰ ভিতৰত চাব বিচাৰিছে অসমক।

Your Comments