হাইমাদ্ৰাছা কম্পাৰমেণ্টেল পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৪৩.১১শতাংশ; ১০০শতাংশ উত্তীৰ্ণৰ শীৰ্ষত দক্ষিণ শালমৰা

A

B

নিউজ ডেস্ক:

হাইমাদ্ৰাছা কম্পাৰটমেন্টেল পৰীক্ষাৰ ফলাফল ঘোষণা।ছেবাই পুৱা ১০বজাতে ঘোষণা কৰিছে ফলাফল।উত্তীৰ্ণৰ হাৰ ৪৩.১১শতাংশ।কম্পাৰমেণ্টেল পৰীক্ষাত হাইমাদ্ৰাছাত অৱতীৰ্ণ হয় মুঠ ৫৬৬গৰাকী ছাত্ৰ-ছাত্ৰী।উত্তীৰ্ণ হৈছে ২৪৪গৰাকী।ইয়াৰে দুগৰাকী ছাত্ৰীয়ে লাভ কৰিছে প্ৰথম বিভাগ।ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৪৫.০৬শতাংশ বিপৰীতে ছাত্ৰী উত্তীৰ্ণৰ ৪১.৭৬ শতাংশ।

উল্লেখ্য যে,হাইমাদ্ৰাছাৰ মূল পৰীক্ষাত অনুত্তীৰ্ণ বা অৱতীৰ্ণ হ'ব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত কম্পাৰমেণ্টেল পৰীক্ষাত ১০০শতাংশ উত্তীৰ্ণৰ দক্ষিণ শালমৰা জিলা শীর্ষত আছে।আনহাতে উত্তীৰ্ণ শূণ্য জিলা শিৱসাগৰ, যোৰহাট, কোকৰাঝাৰ, আৰু কাছাৰ।হাইমাদ্ৰাছা কম্পাৰটমেণ্টেল পৰীক্ষাত ৪খন জিলাৰ পৰাই পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল যদিও উত্তীৰ্ণ হ'ব নোৱাৰিলে ছাত্ৰ-ছাত্ৰী।

Your Comments