ছেবাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল, উত্তীৰ্ণ ৫৩.৪০শতাংশ; প্ৰথম বিভাগত ৯৯ গৰাকী উত্তীৰ্ণ

A

 

B

নিউজ ডেস্ক:


হাইস্কুল শিক্ষান্ত কম্পাৰটমেণ্ট পৰীক্ষাৰ ফলাফল ঘোষণা।ছেবাই ৱেবচাইটযোগে পুৱা ১০বজাত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে।কম্পাৰটমেণ্ট পৰীক্ষাত মুঠ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল ২৩হাজাৰ ৯০৩গৰাকী।উত্তীৰ্ণ ৫৩.৪০শতাংশ।ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫২.১৫শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৫৫.১৬ শতাংশ।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত কম্পাৰটমেণ্ট পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৯৯গৰাকী ছাত্ৰ-ছাত্ৰী।তাৰে ছাত্ৰ ৩৮জন আৰু ৬১গৰাকী ছাত্ৰী।একেদৰে দ্বিতীয় বিভাগত ছাত্ৰ উত্তীৰ্ণ হৈছে ২৫৭৯জন  বিপৰীতে ছাত্ৰী উত্তীৰ্ণ ৩৬৯৭ গৰাকী।

গুৰুত্বপূৰ্ণ কথা এই যে,হাইস্কুল শিক্ষান্ত মূল পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰা বা অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবেই ছেবাই এই কম্পাৰমেন্ট পৰীক্ষা অনুষ্ঠিত কৰিছিল।ছাত্ৰ অৱৰ্তীন হৈছিল মুঠ ১০হাজাৰ ৭৬০জন আৰু ছাত্ৰী ১৩হাজাৰ ১৪৩গৰাকী।

আনহাতে কম্পাৰমেণ্ট পৰীক্ষাত ৯৫.২৬ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত ওদালগুৰি জিলা।জিলাখনত মুঠ অৱৰ্তীন হৈছিল ৮৮৩ গৰাকী তাৰে উত্তীৰ্ণ হৈছে ৮৫০গৰাকী।২১গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ।

একেদৰে ১৪.৬৮শতাংশ উত্তীৰ্ণৰে সৰ্বনিম্ন উত্তীৰ্ণ জিলা চিৰাং।৮০৪গৰাকী অৱতীৰ্ণ হোৱা জিলাখনত উত্তীৰ্ণ  হৈছে ১১৮গৰাকী ছাত্ৰ-ছাত্ৰী।

Your Comments