
নিউজ ডেস্ক:
অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল এমাহৰ ভিতৰত ঘোষণা কৰাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।আজি অনুষ্ঠিত হোৱা তৃতীয়বৰ্গৰ লিখিত পৰীক্ষা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ যায় ৰাজ্যত।সমগ্ৰ ৰাজ্যৰ ২৫খনকৈ জিলাত অনুষ্ঠিত হৈছিল পৰীক্ষা।আবেদনকাৰী প্ৰাৰ্থী আছিল প্ৰায় ৯লাখ -এই কথা জনাইছে মুখ্যমন্ত্ৰীয়ে।
আনহাতে পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীসকলৰ আবেদন মাচুল ফলাফল ঘোষণাৰ পিছত ঘূৰাই দিয়া হ’ব বুলিও শৰ্মাই কয়।উল্লেখ্য যে প্ৰতিটো পদৰ বাবে সৰ্বাধিক ৩৫০ টকাৰ পৰা ১৫০টকা পৰ্যন্ত আবেদন মাচুল লোৱা হৈছে।প্ৰত্যকৰে একাউণ্টত মাচুল ঘুৰাই দিয়া হ’ব বুলি কয় শৰ্মাই।ইফালে পৰীক্ষা স্বচ্ছ-নিকা ভাৱে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে সমগ্ৰ ৰাজ্যত পৰীক্ষাৰ সময়ছোৱাত কৰ্তন কৰি ৰখা হৈছিল মোবাইল ইন্টাৰনেট।
- Log in to post comments
- 12 views