
নিউজ ডেস্ক:
দেওবাৰে ৰাজ্যত পুনৰ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা।২৫ খন জিলাত সম্পূৰ্নকৈ কৰ্তন হ'ব মোবাইল ইণ্টাৰনেট সেৱা।অসম চৰকাৰৰ তৃতীয়বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে ৪ঘণ্টা সময়ৰ বাবে কৰ্তন হ'ব মোবাইল ইণ্টাৰনেট সেৱা ।উল্লেখ্য যে পুৱা ১০বজাৰ পৰা ১২বজালৈ আৰু দিনৰ ২বজাৰ পৰা ৪বজালৈ কৰ্তন হ'ব ইণ্টাৰনেট সেৱা।
তাৎপৰ্যপূৰ্ণ কথা এই যে যোৱা দেওবাৰে চতুৰ্থবৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষাৰ বাবে কৰ্তন হৈছিল ইণ্টাৰনেট সেৱা।অসম চৰকাৰে প্ৰকাশ কৰা মতে ২৬হাজাৰৰো অধিক পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত আৱেদনকাৰী ১৪লাখৰো অধিক।
আনহাতে, ইণ্টাৰনেট কৰ্তনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হৈছিল লেখ আবেদন।আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে পুনৰ ইণ্টাৰনেট কৰ্তন কৰাৰ অনুমতি দিয়ে।
- Log in to post comments
- 3 views