
নিউজ ডেস্ক:
ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ অৱস্থান ধৰ্মঘট।১০ ঘণ্টাৰ অৱস্থান ধর্মঘট পালন কৰে ছাত্ৰ সংগঠনটোৱে।আজি চচলৰ প্ৰতিবাদস্থলীত অসম চৰকাৰে তৃতীয় শ্রেণীৰ পৰা দশম শ্রেণীলৈ ইংৰাজী মাধ্যমত গণিত-বিজ্ঞানৰ পাঠদানৰ বিৰোধিতাৰে ৰূপায়ন কৰে প্ৰতিবাদ।
উল্লেখ্য যে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত।চৰকাৰৰ সিদ্ধান্তক বিভিন্ন দল সংগঠনে বিৰোধিতা কৰাৰ উপৰিও বিজেপিৰে ছাত্ৰ সংগঠন এবিভিপিয়ে বিৰোধিতা কৰিছে বিষয়টো।
ছাত্ৰ মুক্তিয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয়- চৰকাৰী শিক্ষা খণ্ডক ধ্বংস কৰিবলৈ চৰকাৰে এনে সিদ্ধান্ত লৈছে।এই সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহয়।
- Log in to post comments
- 5 views