মাদ্ৰাছাক লৈ চৰকাৰী SOPক সমৰ্থন AIUDF ৰ

A

নিউজ ডেস্ক:

অসম চৰকাৰে মাদ্ৰাছাক লৈ প্ৰস্তুত কৰিবলৈ লোৱা এছ অ' পিলৈ পূৰ্ণ সমৰ্থন এআইইউডিএফৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এছ অ' পিৰ সন্দৰ্ভত প্রকাশ কৰা মন্তব্যক লৈ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয়-আগতে হ'ব লাগিছিল।ইমানদিনে কি ৰাজনীতি কৰিছিল নেকি!

উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যৰ ব্যক্তিগত মাদ্ৰাছা আৰু বাহিৰৰ পৰা অহা ইমামক লৈ এছ অ’ পি প্ৰস্তুত কৰিব বুলি ঘোষণা কৰাৰ প্ৰসংগত কয়- এটা ছিষ্টেমত আহিব লাগে যাতে মাদ্ৰাছাত কোনো অপশক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে৷মাদ্ৰাছা, ইমামৰ সকলো তথ্য চৰকাৰৰ হাতত থাকিব লাগে৷

ইফালে সোমবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰে মাদ্ৰাছা প্ৰসংগত টনজীম বৰ্ডৰে বৈঠক হোৱা বুলিও বৰভূঞাই কয়।উক্ত বৈঠকত AIUDFয়ে বহু কেইটা পৰামৰ্শ আগবঢ়োৱাৰ কথা উল্লেখ্য কৰে বিধায়ক গৰাকীয়ে।

আনহাতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে মাদ্ৰাছাৰ ইমাম সকলে স্থানীয় আৰক্ষীৰ থানাত দাখিল কৰিব লাগিব পৰিচয় পত্ৰ।

Your Comments