
নিউজ ডেস্ক:
অসম চৰকাৰৰ ৩০ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল।২১ আৰু ২৮ আগষ্টৰ লগতে ১১ ছেপ্টেম্বৰত ১৪লাখ ৩০হাজাৰ ৩৩৭গৰাকী আবেদনকাৰী প্ৰাৰ্থীয়ে অৱৰ্তীন হ'ব মুঠ ৩০,০০০ পদৰ বাবে।তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হ’ব লগা লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই।
আনহাতে প্ৰশ্নকাকত অসমীয়া, বড়ো, ইংৰাজীৰ লগতে হিন্দীতো প্ৰস্তুত কৰা প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে এক শতাংশ সৰ্বভাৰতীয় প্ৰাৰ্থীৰ বাবে মুকলি থাকে।গতিকে তাত বাহিৰৰ পৰা প্ৰাৰ্থী আহিব।হিন্দী প্ৰশ্ন কাকতখন থাকিব তেওঁলোকৰ বাবে।
আনহাতে কা' আন্দোলনৰ প্ৰসংগত মন্ত্ৰী হাজৰিকাই কয় - এই সময়ত কা'ৰ নামত আন্দোলন কৰি বিৰূপ পৰিবেশ সৃষ্টি কৰিব বিচৰা হৈছে।কিছুমানে ভুৱা-মিছা কথাৰে ৰাইজক বিপথে পৰিচালিত কৰা পৰিবেশ কৰিছে।আমি ৩০০০০যুৱক-যুৱতীক চাকৰি দিবলৈ সাজু হৈছোঁ।আন্দোলন কৰি তেওঁলোকৰ প্ৰতি অন্যায় নকৰিব।
"আমাৰ সৈতে বহুতৰ মতাদৰ্শ বেলেগ।কিন্তু নিজৰ মতাদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ গৈ ৩০হাজাৰ চাকৰি প্ৰত্যাৰ্থীক অসুবিধাত নেপেলাব।অসমীয়া মুখত নুফুটা কিন্তু গুৰিয়াই গুৰিয়াই কলাক্ষেত্ৰৰ শৰাই ভাঙিব পৰা একাংশ দুস্কৃতিকাৰী আন্দোলনকাৰীৰ মাজত সোমাই পৰিলে আন্দোলন ব্যৰ্থ হ'বই- হাজৰিকাই কয়।
- Log in to post comments
- 4 views