ৰহাত ২ গভাইত চোৰ আটক

ৰহাত ২ গভাইত চোৰ আটক

নামত ভগা-ছিগা লোহা বেপাৰী ৷ কিন্তু লোহা-লক্কৰ আনে চুৰি কৰি ৷

এনে দুটা গভাইত চোৰ সোমবাৰে হাতে-লোটে ধৰা পৰে ৰহাৰ ডিমৌত ৷

চুৰি কৰে আকৌ চৰকাৰী প্ৰতিষ্ঠান-কাৰ্যালয়ৰ পৰা ৷

ৰহাত ২ গভাইত চোৰ আটক

সোমবাৰে পুৱতি নিশা আইজুল হক আৰু গৌতম দাস নামৰ এই চোৰ দুটাই ৰহাৰ ডিমৌত পূব শালমৰা পানী যোগান আঁচনিৰ পৰা লোহা-লক্কৰ চুৰি কৰি থাকোঁতেই হাতে-লোটে ধৰে বিভাগীয় কৰ্মচাৰী আৰু স্থানীয় ৰাইজে ৷

ৰহাত ২ গভাইত চোৰ আটক

পিছত লপা-থপা দি গতালে ৰহা আৰক্ষীক ৷ জানিব পৰা মতে, পূব শালমৰা পানী যোগান আঁচনিখনৰ পৰা কেইবাবাৰো লোহা-লক্কৰ চুৰি হৈ আহিছিল ৷

সেয়ে বিভাগীয় কৰ্মচাৰীয়ে ইয়াত পহৰাৰ ব্যৱস্থা কৰিছিল আৰু সোমবাৰে ধৰা পৰিল গভাইত চোৰ দুটা ৷

ধৃত আইজুলৰ ঘৰ নগাঁৱৰ চানচলিত আৰু গৌতমৰ ঘৰ আমচৈৰ বেলতলাত ৷ 

Your Comments