বিদুৎস্পৃষ্ট হৈ নিহতৰ পৰিয়াললৈ আগবঢ়ালে দৰমহাৰ ধন সাংসদ গৌৰৱ গগৈয়ে 

বিদুৎপৃষ্ট হৈ নিহতৰ পৰিয়াললৈ আগবঢ়ালে দৰমহাৰ ধন সাংসদ গৌৰৱ গগৈয়ে 

আজি ৰূপহীহাট সমষ্টিৰ উত্তৰ খাটোৱালত বিদ্যুৎ বিভাগৰ গাফিলটিত মৃত্যুবৰণ কৰা ৬ জন লোকৰ আত্মাৰ চিৰশান্তি কামনা কৰি সমূহীয়া দোৱা অনুষ্ঠানৰ অংশগ্ৰহণ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসগ গৌৰৱ গগৈয়ে লগতে সাংসদগৰাকীয়ে নিজৰ দৰমহাৰ পৰা প্ৰতিটো পৰিয়াললৈ ৫ হাজাৰ  টকাকৈ এককালীন সাহায্য আগবঢ়াই৷

ইয়াৰ পিছত মাহেৰীপাৰত যোৱা পৰহী অগ্নিকাণ্ডত ভস্মীভূত হোৱা ৭টা পৰিয়ালৰ ঘৰলৈ গৈ দূৰ্ভগীয়াসকলৰ অৱস্থাৰ বুজ লয় । ইয়াৰ পিছতে সাংসদ গৌৰৱ গগৈয়ে ধিং সমষ্টিৰ জুৰিয়া ব্লকৰ অন্তৰ্গত দগাঁও ধিং গাঁও মণ্ডল কংগ্ৰেছৰ সভাপতি প্ৰয়াত ইমৰান হুছেইনৰ জনাজাৰ নামাজত অংশগ্ৰহণ কৰি আত্মাৰ চিৰশান্তি কামনা কৰে ।
 
বিয়লিলৈ জুৰীয়া বজাৰস্থিত ৰাজীৱ ভৱনত উপস্থিত হৈ সাংবাদিকৰ সৈতে মত বিনিময় কৰি এ আই ইউ ডি এফ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সাংসদ গৌৰৱ গগৈয়ে তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ সাংবাদিকৰ আগত সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এ আই ইঊ ডি এফৰ সৈতে ক‌ংগ্ৰেছৰ মিত্ৰতা কোনো কাৰণত সম্ভৱ নহয় বুলি মন্তব্য কৰে । 

সাংসদ গগৈয়ে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি কয়- এইখন চৰকাৰৰ দিনত পেট্ৰ'ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাইছে । চৰকাৰী পক্ষই মূল্য বৃদ্ধি ৰোধৰ ওপৰত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ দায়িত্বত স্বীকাৰ কৰা উচিত ৷ ৰাইজক দিয়া প্ৰতিশ্ৰুতি তিলমানো গুৰুত্ব নিদিয়া চৰকাৰৰ শাসনৰ গাদীত থকাৰ নৈতিক অধিকাৰ নাই বুলি মন্তব্য কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ গগৈয়ে । সংবাদমেলত স্থানীয় বিধায়ক নুৰুল হুদাও উপস্থিত থাকে ৷

Your Comments