শতাধিক কংগ্ৰেছ কৰ্মী অসম জন মৰ্চাত যোগদান 

as

নগাঁও জিলাৰ জুৰীয়া সংলগ্ন ধিং সমষ্টিৰ শতাধিক কংগ্ৰেছ কৰ্মী আজি আঞ্চলিক দল অসম জন মৰ্চাত আনুষ্ঠানিকভাবে যোগদান কৰে । নগাঁও চহৰস্থ দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ধিং সমষ্টিৰ অন্তৰ্গত আলিটাঙনী-জামুগুৰি গাঁও পঞ্চায়ত মণ্ডল কংগ্ৰেছ কমিটিৰ উপদেষ্টা তথা বৰ্ষীয়ান নেতা ইমান আলীৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে অসম জন মৰ্চাত যোগদান কৰে ।

যোগদান কৰি প্ৰবীণ নেতা গৰাকীয়ে কয় যে দীৰ্ঘদিনীয়া কু-শাসনৰ ফলত কংগ্ৰেছৰ প্ৰতি ৰাইজৰ অনীহা বৃদ্ধি পাই আহিছে । জন মৰ্চাই অসমত শান্তি, ন্যায়, একতা প্ৰতিষ্ঠা কৰাত সফল হ'ব বুলি তেওঁ আশাবাদী । ইয়াৰ পুৰ্বে ইমান আলীক মৰ্চাৰ কেন্দ্ৰীয় সভাপতি ছাইফুল ইছলাম চৌধুৰীয়ে গামোচাৰে আদৰণি জনায় । এই অনুষ্ঠানত দলটোৰ উপ-সভাপতি তথা অধিবক্তা হাৰিকুল ইছলাম ভুঞা, সহকাৰী সম্পাদক ৰাজীৱ হাজৰিকা, কেন্দ্ৰীয় সদস্য উদয় হীৰা আদিকে ধৰি বহু কেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ।

Your Comments