কামপুৰত ডিমাছা ৰজা সম্পৰ্কীয় গ্ৰন্থ উন্মোচন

aa

আজি কামপুৰৰ আটিকামপুৰ প্ৰাথমিক বিদ্যালয়ত "ডিমাচা ৰজা তুলাৰাম সেনাপতিৰ পৰা ধৰ্মেশ্বৰ কোঁৱৰ হাচনুলৈ" নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় । প্ৰবীণ সাংবাদিক-সাহিত্যিক, সমাজকৰ্মী মোলান লস্কৰ হাচনুৱে গ্ৰন্থ খন সম্পাদনা কৰিছিল । উল্লেখ্য যে 
ডিমাছা সম্প্ৰদায়ৰ অন্তিম ৰজা ধৰ্মেশ্বৰ কোঁৱৰ হাচনুৰ চলিত বৰ্ষৰ১৪ আগষ্টত পৰলোকপ্ৰাপ্তি ঘটিছিল ৷ ৯৫ বছৰ বয়সত নিজ কামপুৰৰ নিজা বাসগৃহত মৃত্যু হোৱা ৰজা ধৰ্মেশ্বৰ কোঁৱৰ হাচনুৰ জন্ম হৈছিল ১৯২৩ চনত নিজ কামপুৰত । 

পূৰ্বৰ ৰজা তুলাৰাম সেনাপতিৰ মৃত্যৰ পিছত তুলাৰাম সেনাপতি (অষ্টম)ৰ আজোনাতি ধৰ্মেশ্বৰ কোঁৱৰ হাচনুক ৰাজকীয় মৰ্যাদাৰে ২০০৮ চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে ডিমাছা সমাজে ৰজা হিচাপে মানি আহিছে । 

২০১০ চনত ত্ৰিপুৰা ৰজাই আমন্ত্ৰণ কৰি 'ট্ৰিংক' উৎসৱত লক্ষ লক্ষ জনসাধাৰণৰ সন্মুখত ৰাজকীয় মৰ্যাদাৰে ৰজাৰ সন্মান প্ৰদান কৰিছিল ৷ লগতে দুই ৰজাই চেং (দা) আদান-প্ৰদান কৰি সম্বন্ধ গঢ়ি তোলে । 

aa

তেখেতৰ মৃত্যুত হাফলঙৰ জাদিখে নাইচু হচম (JNH) আৰু কাৰ্বি আংলঙৰ ধনশিৰি ডিমাছা সমাজে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছিল ৷ কেৱল ৰজাই নহয়, তেওঁ সমগ্ৰ কামপুৰ অঞ্চলৰ বৰবায়ন আৰু বিশাৰদ হিচাপে পৰিগণিত আছিল । 

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ডিমাছা ৰজা ধৰ্মেশ্বৰ কোঁৱৰ হাচনু ৷ তেখেতৰ মৃত্যুত সমগ্ৰ কামপুৰ অঞ্চলৰ লগতে হাফলং আৰু কাৰ্বি আংলং ডিমাছা সমাজৰ মাজত শোকৰ ছাঁ পৰিছিল । আজিৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিমা হাচাওৰ প্ৰাক্তন কাৰ্যবাহী সদ্স্য নিৰ্মল লাংথাচা, ডিমা হাচাও এপিডি চিএলৰ সদস্য নিৰ্মল নুনিচা, দিলীপ নুনিচা, প্ৰাক্তন বিধায়ক আদিত্য লাংথাচা, প্ৰাক্তন ডিমা হাচাও কাৰ্যবাহী সদ্স্য লক্ষ্যমণি লাংথাচা  আদি উপস্থিত থাকি ডিমাচাৰ অন্তিমজন ৰজাক স্মৰণ কৰে । সভাৰাম মজুমদাৰ থাউচেনে সভাখনত সভাপতিত্ব কৰে ।

Your Comments