ট্ৰেন্সফৰ্মাৰত জুই : ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল নগাঁও চহৰ 

sss

নগাঁও জিলাৰ জুৰীয়াত ২১ ছেপ্টেম্বৰ দিনা বিদ্যুৎপৃষ্ঠ হৈ ৬জন লোকৰ মৃত্যু হোৱা কৰুণ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আজি নগাঁও চহৰৰ এটা ট্ৰেন্সৰ্ফমাৰ জ্বলি যোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই আজি নগাঁও চহৰত এক ভয়াৱহ ঘটনা সংঘটিত হ'ল। চহৰখনৰ অতি ব্যস্থতাপূৰ্ণ অঞ্চল পানীগাঁও চাৰিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সৰ্ফমাৰ আজি দিনৰ ১১.৩০ বজাত হঠাৎ দপদপাই জ্বলি উঠে।

ফলত স্থানীয় ব্যৱসায়ী আৰু বাসিন্দাসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়। পিছত স্থানীয় লোকৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় । যাৰবাবে নগাঁও চহৰ এক ভয়ানক বিপদৰ পৰা ৰক্ষা পৰে। স্থানীয় লোকে অভিযোগ কৰা মতে, এই ট্ৰেন্সফৰ্মাৰটো দীৰ্ঘদিন ধৰি বিপদসংকুল অৱস্থাত আছিল যদিও বিদ্যুৎ বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । আনকি সময়ে সময়ে ট্ৰেন্সফৰ্মাৰ অইল সলনি কৰিব লাগে যদিও বিভাগটোৱে এই ক্ষেত্ৰতো অবহেলা কৰি আহিছিল।

ইপিনে, জুই লগাৰ ফলত ট্ৰেন্সফৰ্মাৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে। বিদ্যুৎ বিভাগৰ এনে কাণ্ডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে নগাঁৱৰ ৰাইজ। উল্লেখ্য, নগাঁও জিলাত এতিয়াও বহু ঠাইত উন্মুক্ত অৱস্থাত আছে ট্ৰেন্সৰ্ফমাৰ। তদুপৰি আওপুৰণি ব্যৱস্থাৰে চলি আছে বিয়াগোম বিদ্যুৎ বিভাগ। বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চৰম হেমাহিৰ বাবেই জিলাখনত ইটোৰ পিছত সিটো সংঘটিত হৈছে অঘটন। আনকি, এনে ঘটনাৰ পৰা বন্যহস্তীও সাৰি যাব পৰা নাই। জিলাখনৰ বিভিন্ন অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰসমূহৰ বাবেও মানুহৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে।

ঠায়ে ঠায়ে প্ৰায়ে হোৱা স্পাৰ্কিঙৰ ফলত ট্ৰেন্সফৰ্মাৰ নষ্ট হোৱাৰ লগতে বহু লোকৰ ঘৰৰ মূল্যবান সা-সম্পত্তিও নষ্ট হৈ আহিছে। এই ক্ষেত্ৰত বিদ্যুৎ বিভাগক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। বিদ্যুৎ বিভাগৰ এনে অৱহেলাৰ বাবেই জিলাখনৰ বিভিন্ন ঠাইত বহু অঘটন ঘটাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ৰাজ্যৰ শক্তিমন্ত্ৰী তপন গগৈয়ে বিদ্যুৎ বিভাগত সংঘটিত হৈ থকা অনিয়মকে ধৰি বিভিন্ন সমস্যা  সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও এই সমস্যাসমূহ সমাধান কৰাত মন্ত্ৰীগৰাকী চূড়ান্তভাবে ব্যৰ্থ হৈছে।

তদুপৰি বিদ্যুৎ বিভাগৰ বিভিন্ন সা -সামগ্ৰীকে ধৰি নিৰ্মাণ কাৰ্য ঠিকাদাৰৰ জৰিয়তে ৰূপায়ণ কৰি আহিছে। একাংশ অনভিজ্ঞ ঠিকাদাৰে নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা স্থিতি আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবেই বিদ্যুৎ বিভাগ এতিয়া মৃত্যুদূতলৈ পৰ্যবসিত হৈছে। ৰাইজে বিদ্যুৎ বিভাগত চলি থকা এনেবোৰ কাম-কাজৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে মানুহৰ জীৱন-সম্পত্তি নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনাইছে।

Your Comments