শিঙিমাৰী চিকিৎসালয়ত আজব কাণ্ড ২৬ দিনীয়া শিশুক দিলে ২৬ বছৰীয়া লোকৰ ঔষধ  

ss

২৬ দিনীয়া শিশুক চিকিৎসকে দিছে ২৬ বছৰীয়া লোকৰ ঔষধ । ঘটনাটো নগাঁৱৰ কচুৱাৰ শিঙিমাৰীৰ ৰাজ্যিক চিকিৎসালয়ৰ । তাৰোপৰি এজন ফাৰ্মাচিষ্টে নিজ বাসগৃহত ৰোগীক চিকিৎসা প্ৰদান কৰি ধৰা পৰিছে সাংবাদিকৰ কেমেৰাত ৷ এটা কণমানি ২৬ দিনীয়া বয়সৰ শিশু ।

শিশুটিৰ অসুখ হোৱাত লৈ গ'ল শিঙিমাৰীৰ ৰাজ্যিক চিকিৎসালয়লৈ । চিকিৎসাও চলালে চিকিৎসকে । কিন্ত শিশুটিক দিয়া ঔষধৰ ওপৰত সন্দেহ লাগিল মাতৃগৰাকীৰ । সেয়ে সোধ-পোচ কৰিলে চিকিৎসালয় কৰ্তৃপক্ষক । তেতিয়াহে আচল জোলোঙাৰ মেকুৰী ওলাল । আচৰিত ধৰণে ২৬ দিনীয়া শিশুটিক দিয়া হৈছে ২৬ বছৰীয়া লোকৰ ঔষধ ।

ss

এজন সচেতন লোকৰ সহযোগত চিকিৎসক আৰু ফাৰ্মাচিষ্টক সুধাত ইজনে-সিজনক দোষ দি বিষয়টোৰ পৰা দায়সৰা মন্তব্য কৰে । আজি বিষয়টো চিকিৎসালয় কৰ্তৃপক্ষক সুধিব যোৱাত চিকিৎসালয় বন্ধ থকাৰ লগতে ফাৰ্মাচিষ্টে চিকিৎসালয়ৰ চৌহদৰ ভিতৰত থকা নিজা কোঠালীত ৰোগীক চোৱাচিতা কৰি আছিল । এইদৰে চিকিৎসকৰ অনুপস্থিতিত ফাৰ্মাচিষ্টে নিজা কোঠাত ৰোগীক দীৰ্ঘদিন ধৰি চলাই আহিছে চিকিৎসা ।

dd

স্বাস্থ্য বিভাগৰ উন্নয়ন হোৱা বুলি যিমানেই ঢাক-ঢোল নবজাওক কিয়, এতিয়াও যেন গা-লৰা নাই একাংশ চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ । নগাঁও জিলাৰ শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়ত ঘটা এই ঘটনাই তাকে পুনৰ এবাৰ প্ৰমাণ কৰিছে চিকিৎস বিভাগটোৰ ।

Your Comments