এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ দ্বি-বাৰ্ষিক অধিবেশন 

ss

আজি গোলাঘাটৰ ঐতিহাসিক এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হ'য় । ১৮৯৫ চনত প্ৰতিষ্ঠা হোৱা ছ'চাইটীৰ এই সন্মানীয় সভাখনি এমেচাৰৰ সদস্যসকলৰ দ্বাৰা এমেচাৰ সংগীতেৰে শুভাৰম্ভ কৰাৰ লগতে সভাখনি পৰিচালনা কৰে ছ'চাইটীৰ সভাপতি মন্টু কৰ্মকাৰে । উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক সুনীল ৰাজগুৰুয়ে ।

dd

ইয়াৰ পিছতে বিগত সময়ৰ কৰ্মৰাজী সম্পৰ্কে অৱগত কৰাৰ লগতে সদস্যৰ ফালৰ পৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে উপদেষ্টা তথা প্ৰাক্তন সভাপতি ডাঃ অজিত বৰুৱাই । ইয়াৰ পিছতে পুৰণি কমিটী ভংগ কৰি নতুন কমিটীয়ে কাৰ্যভাৰ গ্ৰহণ কৰে ।

উল্লেখ্য যে, এই বৰ্ষত কেৱল উপ-সভাপতিৰ নিৰ্বাচনীহে অনুষ্ঠিত হ'য় । বাকী পদসমূহ সৰ্বসন্মতিক্ৰমে দায়িত্বভাৰ অৰ্পণ কৰে । আজিৰ সভাত উপস্থিত থাকে বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱা, শিক্ষাবিদ তীলেশ্বৰ তামুলী, প্ৰাক্তন সভাপতি ৰবীন বৰুৱা, প্ৰাক্তন সভাপতি নবীন কটকী আদি ।

Your Comments