কনকলতা আঁচনিৰ অধীনত ২০১টা আত্মসহায়ক গোটক আৰ্থিক সাহাৰ্য

aa

ওৰাঙত কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত ২০১টা আত্মসহায়ক গোটক ১০ হেজাৰ টকাকৈ আৰু গ্ৰাম্য সংগঠনক ৮'৫০ লাখ টকা বিতৰণ অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ ছাত্ৰ-ছাত্ৰীৰ সৰ্বনিম্ন উত্তীৰ্ণ হাৰৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰে অসম চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত ওদালগুৰি জিলাৰ শইকীয়া চুবুৰী আৰু ৬৬ ধনশ্ৰী ভিচিডি উদ্যোগত শইকীয়া চুবুৰী ভিচিডিচি কাৰ্যালয় প্ৰাঙ্গণত মহিলা আত্মসহায়ক গোটসমূহৰ মাজত টকাসমূহৰ অনুমোদনপ্ৰাপ্ত-পত্ৰসমুহৰ বিতৰণ অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় ৬৬ ধনশ্ৰী ভিচিডিৰ সভাপতি আব্দুল মজিদৰ পৌৰহিত্যত অনুষ্ঠিত সভাত শইকীয়া চুবুৰী ভিচিডিৰ ১২১টা, ৬৬ ধনশ্ৰী ভিচিডিৰ ৮০টা আত্মসহায়ক গোটৰ প্ৰায় আঢ়ৈ হাজাৰ মহিলাই অংশগ্ৰহণ কৰে ৷

aa

সভাৰ লক্ষ্য, উদ্দেশ্য বাখ্যা কৰে কনকলতা মহিলা সৱলীকৰণৰ আঁচনিৰ খণ্ড সমন্বয়ক হিমাংশু দাসে ৷ সভাত ৭০ নং মাজবাট বিধানসভাৰ বিধায়ক চৰণ বড়ো উপস্থিত হৈ  মহিলাসকলৰ উন্নয়নৰ ক্ষেত্ৰত বিপিএফ দলে কেনেকৈ প্ৰচেষ্টা চলাইছে তাক বিতং ভাবে ব্যাখ্যা কৰে ৷ বিধায়ক বড়োৱে মিত্ৰজোঁটৰ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসম চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ স্বাৱলম্বনৰ বাবে যি আশ্বাস প্ৰদান কৰিছিল সেই আশ্বাসৰ এটি ক্ষুদ্ৰ অংশ হিচাপে কনকলতা মহিলা সবলীকৰণৰ জৰিয়তে আত্মসহায়ক গোটসমূহক মূলধন হিচাপে ১০ হাজাৰ টকাকৈ প্ৰদান কৰি গোটসমূহৰ পৰা আৰ্থিক স্বাবলম্বী হ'ব পৰা ব্যৱস্থা গ্ৰহণ কৰি সামাজিক শৈক্ষিক আদি দিশত আগবাঢ়ি যাবলৈ অনুৰোধ জনায় ।

বিধায়ক পুঁজিলৈ অহা আঢ়ৈ কৌটি টকাৰ ৰৌতা উন্নয়ন খণ্ডক এক কৌটি আৰু বাকী অংশ মাজবাট উন্নয়ন খণ্ডৰ ১৫০০টা আত্মসহায়ক গোটক দহ হাজাৰ টকাকৈ প্ৰদান কৰাৰ উপৰিও গ্ৰাম্য সংগঠকসমূহকো আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে । আজি শইকীয়া চুবুৰী আৰু ৬৬ ধনশ্ৰী ভিচিডিচিৰ জ'নভি আত্মসহায়ক গোট, কনকলতা গোট আৰু ৰেগা নামৰ গোট তিনিটাক আঠ লাখ পঞ্চাশ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় । 

বিধায়ক চৰণ বড়োৱে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ উত্তীৰ্ণ হাৰ ৰাজ্যখনৰ ভিতৰত সৰ্বনিম্ন হোৱা হেতুকে উদ্বিগ্নতাপ্ৰকাশ কৰি কয় যে যি সময়ত আমি  জিলা খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মানদণ্ড উন্নত কৰিবলৈ প্ৰচেষ্টা কৰিব লাগিছিল সেই সময়ত আমি ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হোৱাৰ কথাত গুৰুত্ব দিব লগীয়া হৈছে ।

লগতে বৰ্তমানৰ অভিভাৱকসকলে ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পঢ়ুৱালেই কৃত্ৰিমভাবে ভাল ফলাফল আশা কৰাৰ সদৃশ হৈছে । যিহেতু আত্মসহায়ক গোটসমূহৰ সবলীকৰণৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে সেয়েহে গোটসমূহৰ মাতৃসকলেও নিজ নিজ অঞ্চলৰ চৰকাৰী বিদ্যালয়সমূহত দৃষ্টি নিক্ষেপ কৰি নিজৰ ল'ৰা-ছোৱালীক সেই বিদ্যালয়সমূহত নামভৰ্তি কৰি সামাজিক শৈক্ষিকভাবে সচেতন হৈ থাকিব লাগে বুলি মতপোষণ কৰে । 

aa

সভাত মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাসে বক্তব্য প্ৰদান কৰি কয় যে মহিলাসকলে চৰকাৰৰ পৰা লাভ কৰা আৰ্থিক সাহাৰ্য্যসমূহৰ জৰিয়তে নিজৰ নিজৰ গোটসমূহৰ কৰ্মদক্ষতা আৰু সৃষ্টিশীল কাম কাজৰ জৰিয়তে আৰ্থিক সামাজিক শৈক্ষিকভাবে আগবাঢ়ি যোৱা উচিত আৰু নিজৰ ঘৰ খনৰ লগতে সমাজৰ প্ৰতি সচেতন হৈ আৰ্থিক ভাৱে সবল হ'ব পাৰিলে কনকলতা মহিলা সবলীকৰণ আঁচনিখন ফলপ্ৰসু হৈ উঠিব । আজিৰ এই অনুষ্ঠানত ২০১ টা গোটক ১০ হেজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ লগতে তিনিটা গোটক চি আই এফৰ ধন আৰু ডিজিটেল প্ৰক্ৰিয়াৰে গোটসমূহৰ কাম-কাজ কৰিব পৰাকৈ দুটা টেবলেট প্ৰদান কৰা অনুষ্ঠানত মহিলাসকলক উৎসাহেৰে আগভাগ লোৱা দেখিবলৈ পোৱা যায় ।

শইকীয়া চুবুৰী ভিচিডিচিৰ সভাপতি খগেন মোছাহাৰীৰ লগতে স্থানীয় গণ্যমান্য লোকসকলেও আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । ৬৬ ধনশ্ৰী ভিচিডিচিৰ সভাপতি আব্দুল মজিদে ভাষণ প্ৰসংগত কয় যে মহিলাসকলৰ দক্ষতা আৰু শক্তি অপৰিসীম । বৰ্তমানৰ ডিজিটেল যুগত গ্ৰাম্যাঞ্চলৰ মহিলাসকলে সংগঠিত হৈ আত্মসহায়ক গোটসমূহৰ জৰিয়তে নিজৰ কৰ্ম দক্ষতাৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰত স্বাবলম্বী হৈ নিজৰ স্থিতি গ্ৰহণ কৰা উচিত আৰু মহিলাসকলৰ সফলতাই সামাজিক ব্যৱস্থাসমূহৰ উত্তৰণত সহায় কৰিব তথা কনকলতাৰ নামেৰে নামাকৰণ কৰা অসম চৰকাৰৰ এই আচঁনিৰ সুবিধা গ্ৰহণ কৰা মহিলা সকলেও কনলতাৰ দৰে উদ্যম আৰু সাহসেৰে নিজকে স্বাবলম্বী কৰি তুলিব লাগিব ।

Your Comments