নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থা আৰু নগাঁও জিলা আন্তঃ হাইস্কুল পৰীক্ষা পৰিষদৰ উদ্যোগত তথা আইলক্ষ্মী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত শুক্ৰবাৰে ২০১৮ বৰ্ষৰ শৈক্ষিক মেধা বঁটা প্ৰদান কৰা হয় । এই উপলক্ষে আইলক্ষ্মী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত বঁটা প্ৰদান অনুষ্ঠানৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে বটদ্ৰৱা আঞ্চলিক হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি আব্দুল আলীয়ে ।
৯.৩০ বজাত বৃক্ষৰোপণৰ পাছতে প্ৰয়াত কৃতী শিক্ষকদ্বয় বলেন্দ্ৰ নাথ শৰ্মা আৰু কমল চন্দ্ৰ বৰাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয় । দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভা আৰু মেধা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে মেধা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা এনে বঁটাই ছাত্ৰ-ছাত্ৰীসকলক মনোবল বৃদ্ধি কৰে । শৰ্মাই লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে বৰ্তমান মেধা ছাত্ৰ-ছাত্ৰীৰ কাৰণে সময়ে সময়ে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে ।
নগাঁও জিলা হাইস্কুল শিক্ষক সংস্থাৰ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাই আঁত ধৰা সভাত বিশিষ্ট অতিথি ৰূপে বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওগ, কাতিবৰ চেঙা, জীৱন চন্দ্ৰ বৰা, নন্দেশ্বৰ বৰুৱা, নগেন চন্দ্ৰ বৰা আদি উপস্থিত থাকে ।
উল্লেখ যে ২০১৮ বৰ্ষৰ বলেন্দ্ৰ নাথ শৰ্মা স্মাৰক শৈক্ষিক বঁটা আৰু কমল চন্দ্ৰ বৰা সোঁৱৰণী বিজ্ঞান বঁটা লাভ কৰে ক্ৰমে হেৰাপট্টি হাইস্কুলৰ ছাত্ৰী মাৰ্জিনা আহাদ আৰু আইলক্ষ্মী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী জুলি বৰাই । বঁটা লাভ কৰা দুয়ো গৰাকী ছাত্ৰীক অভিনন্দন পত্ৰ, গামোচা, জাপি, কিতাপৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰা হয় ।
- Log in to post comments
- 10 views