দৰঙৰ মঙলদৈ ব্ৰিলিয়েন্ট একাডমীৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিদ্যাৰ্থী শিল্পীশিখা চহৰীয়া আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ বাতৰিয়েই মঙলদৈত শোকৰ ছাঁ পেলাইছে । জানিব পৰা মতে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ছাত্ৰী গৰাকীক সুস্থ কৰাৰ বাবে চিকিৎসকে অপ্ৰাণ চেষ্টা কৰিও ব্যৰ্থ হয় ।
মঙলদৈ জলজলীৰ নিবাসী প্ৰমোদ চহৰীয়া আৰু পুৰবী চহৰীয়াৰ প্ৰথম কন্যা শিল্পী শিখা চহৰীয়াৰ আকস্মিক বিয়োগত ব্ৰিলিয়েন্ট একাডেমীৰ সঞ্চালক ঋত্তিক চৌধুৰী, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, উপ-সভাপতি নিৰঞ্জন শইকীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতি আৰু ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে ।
- Log in to post comments
- 8 views