অভি-নীল হত্যাৰ ৪বছৰ; নীলৰ পিতৃয়ে কলে "ন্যায় আমি কেতিয়া পাম কোনো নিশ্চয়তা নাই"

A

নিউজ ডেস্ক:

কাৰ্বি আংলঙৰ ডকমকা পানজুৰি কছাৰী গাঁৱত বিগত চাৰি বছৰৰ পূৰ্বে আজিৰ দিনটোতে একাংশ দানৱে অতি নিৰ্দয়-নির্মমভাবে হত্যা কৰিছিল নিলোৎপল শইকীয়া আৰু অভিজিৎ নাথক।কাৰ্বি ভূমিৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি ঘূৰি অহাৰ পথত একাংশই বাট আগভেটি মৰিয়াই-মৰিয়াই হত্যা কৰিছিল গুৱাহাটীৰ যুৱক দুজনক।পুত্ৰক হেৰুৱাৰ বেদনা বুকুত লৈ চাৰিটা বছৰে ন্যায়ৰ অপেক্ষাত ৰৈ আছে  নীল-অভিৰ দুৰ্ভগীয়া পৰিয়াল।
আদালতত গোচৰটো বিচাৰাধীন হৈ থকাৰ লগতে ৪৭ টাকৈ অভিযুক্ত বৰ্তমান কাৰাগাৰত।ঘটনা সংঘটিত হোৱাৰ পিছতে চৰকাৰ-প্ৰশাসনে আশ্বাস দিছিল বিচাৰ ব্যৱস্থা খৰতকীয়া কৰি দুৰ্ভগীয়া পৰিয়াল দুটাক ন্যায় দিব।কিন্তু বিগত চাৰি বছৰে সম্পূৰ্ন হোৱা নাই বিচাৰ।
ইফালে চাৰি বছৰে ন্যায়ৰ অপেক্ষাত ৰৈ থাকি নীলৰ পিতৃয়ে কয়- “ন্যায় পাবলৈ আৰু কিমান দিন লাগিব তাৰো ঠিক নাই।পুত্ৰক হেৰুৱাৰ বেদনা আমি অনুভৱ কৰিব পাৰিছো।ঘটনাৰে জড়িতক ফাঁচী হোৱাটো আমি বিচাৰোঁ।বিচাৰৰ প্ৰক্রিয়া খৰতকীয়া কৰিব লাগে বুলি উল্লেখ কৰি  তেওঁ কয় বিচাৰৰ প্ৰক্রিয়া যিমান দীঘলীয়া হ’ব সিমানেই এনেধৰণৰ ঘটনা আৰু সংঘটিত হ’ব।

আনহাতে নীল-অভি হত্যাকাণ্ডৰ চাৰি বছৰ সম্পূৰ্ন হোৱা দিনটোত সমাজক সজাগ কৰাৰ উদ্দেশ্যে অভি-নীল স্মৃতি ন্যাসৰ সদস্যসকলে 'মুকাভিনয় 'কাৰ্য্যসূচী হাতত লয়।যুৱ মুকাভিনেতা মিনাংক ডেকাৰ পৰিচালনা আৰু পৰিকল্পনাত নিৰ্বাকৰ ৭জনীয়া দলে মহানগৰীৰ কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্মুখত মুকাভিনয় প্রদর্শন কৰে ।

Your Comments