
নিউজ ডেস্ক:
ব্যক্তিগত বাহনত পুলিচ লিখি বিপদত এগৰাকী যুৱক।গুৱাহাটী মহানগৰীৰ লতাশিল থানা যান-বাহন আৰক্ষীৰ হাতত ধৰা পৰি ভৰিল জৰিমনা।উজানবজাৰ ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ সমীপত লতাশিল আৰক্ষীয়ে 'পুলিচ' লিখা এছ ১৭জি ৫৩১৯নম্বৰৰ ৱেগনাৰ বাহনখনক জৰিমনা বিহে।উল্লেখ্য যে বাহনখনৰ যুৱকজনে অৱগত কৰাৰ মতে পিতৃয়ে আৰক্ষীত কৰ্মৰত।তাৰ বাবে পুলিচ বুলি লিখা হৈছিল।
ইফালে বাহনখনৰ আগফালে আৰু পিছফালে গ্লাছত লিখি ৰখা পুলিচ ষ্টিকাৰটো আৰক্ষীয়ে আঁতৰাই পেলায়।তাৎপৰ্যপূৰ্ণ কথা যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে কোনোৱে ব্যক্তিগত বাহনত লিখিব নোৱাৰে পুলিচ।
গুৰুত্বপূৰ্ণ কথা এই যে , এনেদৰে পুলিচৰ ষ্টিকাৰ ব্যৱহাৰ কৰিও বহু সময়ত একাংশ দুষ্ট চক্ৰই অপৰাধ সংঘটিত কৰাৰো ঘটনা দেখিবলৈ পোৱা যায়।
- Log in to post comments
- 40 views