
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ PPE KIT কেলেংকাৰীক লৈ ক্ৰমাৎ উত্তাল হৈছে ৰাজ্যৰ ৰাজনীতি।মুখ্যমন্ত্ৰীৰ পত্নী, পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ীয়ে কোভিড কালত PPE KIT যোগানৰ নামত কেলেংকাৰী কৰাৰ গুৰুতৰ অভিযোগত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে গুৱাহাটীত সাব্যস্ত কৰে প্ৰতিবাদ।টিএমচিৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত উজানবজাৰৰ হনুমান মন্দিৰৰ সমীপৰ পৰা ৰাজভৱনলৈ ৰূপায়ন কৰে 'চলৌ' শীৰ্ষক কাৰ্যসূচী।আৰক্ষীৰে হতাহতি কৰি কিছু আগুৱাই যায় যদিও পৰৱৰ্তী সময়ত ৰেলী বাহিৰ কৰাত বাধা প্ৰদান কৰে আৰক্ষীয়ে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।PPE KIT কেলেংকাৰীৰ চি বি আই জৰিয়তে তদন্তৰ দাবী জনায় টিএমচিয়ে।
'ক'ভিডকালীন পৰিস্থিতিৰ সময়ৰ পৰাই PPE কিট কেলেংকাৰীৰ তথ্য লুকুৱাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই' -প্ৰতিবাদত অংশগ্ৰহণ কৰি কয় ৰিপুন বৰাই।
উল্লেখ্য যে প্ৰায় অৰ্ধশতাধিক কর্মীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদত।হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, পি পি ই কিট কেলেংকাৰীৰ চি বি আই তদন্ত হওক, কেলেংকাৰীৰ সৈতে জড়িতক গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্লোগান প্ৰদান কৰি প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।
ইফালে কটকটীয়া নিৰাপত্তা বেষ্টনীৰে প্ৰতিবাদকাৰী সকলক আৱদ্ধ কৰে আৰক্ষীয়ে।পৰৱৰ্তী সময়ত এক প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি দেশৰ প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়।
- Log in to post comments
- 6 views