
নিউজ ডেস্ক:
কোভিডৰ ভয়াৱহতাৰ পিছত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়।অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবাই)ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত মুঠ উত্তীৰ্ণৰ হাৰ ৫৬.৪৯শতাংশ।শীৰ্ষৰ দহটা স্থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫৫গৰাকী ছাত্ৰ-ছাত্ৰী উজলিবলৈ সক্ষম হৈছে।কিন্তু আশ্চৰ্যজনক কথা এই যে উত্তীৰ্ণ বা শীৰ্ষত স্থানপ্ৰাপ্তৰ ভিতৰত অধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্র-ছাত্ৰী আছে।চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ ফলাফল বেয়া হোৱাৰ কথা অকপট ভাৱে স্বীকাৰ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।ফলাফল ঘোষণাৰ পিছতে সংবাদ মাধ্যমত পেগুৱে উদ্বেগ প্ৰকাশ কৰি কয়-ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ হ্ৰাস পাই ফলাফল বেয়া হৈছে। ইয়াৰ কাৰণসমূহ অধ্যয়ন কৰিব লাগিব।চিৰাং, কাছাৰ, কাৰ্বি আংলঙকে ধৰি কেইখনমান জনজাতীয় জিলাত ফলাফল অতি বেয়া হৈছে।ডিমাহাছাওৰ ফলাফল কাৰ্বি আংলঙতকৈ ভাল হৈছে।
ইয়াৰ উপৰিও চাহ বাগান অঞ্চলত শিক্ষা বহু পিছ পৰি আছে।মেট্ৰিক পৰীক্ষাৰ ফলাফলে পুনৰ তাকে প্ৰমাণ কৰিছে।চাহ বাগানত ৩০শতাংশতকৈ কম উত্তীৰ্ণৰ হাৰ- পেগুৱে কয়।
আনহাতে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ ফলাফল অসমীয়া মাধ্যমৰ তুলনাত ভাল হৈছে।চৰকাৰী স্কুলত শিক্ষক, আন্ত:গাথঁনিত কিছু দূৰত্ব আছে।ইয়াক দূৰ কৰাৰ চিন্তা কৰিব বুলিও পেগুৱে কয়।
- Log in to post comments
- 18 views