
নিউজ ডেস্ক:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ একমাত্র পুত্ৰ নচিকেতা।পুত্ৰৰ সফলতাত গগৈয়ে কয়- বহু প্ৰত্যাহ্বানৰ অন্তত সি আজি মেট্ৰিক উত্তীৰ্ণ হ’ল।কা'ৰ বিৰোধিতা কৰি ১বছৰ ৭মাহ কাৰাবন্দী হৈ থকাৰ সময়ত মোৰ বেটাই স্কুললৈ যাব পৰা নাছিল।মানসিক ভাৱে ভাগি পৰিছিল সি।জেলৰ পৰা ওলোৱাৰ পাছতো চৰম হতাশাত ভুগি পৰীক্ষা দিব নে নিদিব সেইয়া হৈ পৰিছিল মূল কথা।অৱশেষত সি পৰীক্ষা দিলে- তেওঁ কয়।
নৱম-দশম শ্রেণীত এদিনো ক্লাছ নকৰাকৈ পৰীক্ষা দিলে সি।মাকে পঢ়াই দিয়া পাঠ্যক্ৰমত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাটো মোৰ বাবে এটা সপোনৰ নিচিনা।যোৱা ৰাতি চিন্তাত টোপনি অহা নাছিল।তাৰ এই সফলতা আমাৰ বাবে চৰম প্ৰাপ্তি।পুত্ৰৰ এই সফলতাত পত্নীক উদ্দেশ্য কৰি গগৈয়ে কয়-গিতাশ্ৰীৰ ত্যাগৰ অবিহনে এইয়া সম্ভৱ নহলহেঁতেন।
ইফালে পুত্ৰ নচিকেতাক শুভেচ্ছা জনায় পিতৃ গগৈয়ে কয়-“ভৱিষ্যতৰ দিনবোৰ এতিয়া তোমাৰ ওপৰত নিৰ্ভৰশীল।শুভেচ্ছা জনাইছোঁ ভৱিষ্যতলৈ।”
- Log in to post comments
- 30 views