গুৱাহাটীত সপ্তম স্থান দখল কৰা আশলেশা-নিশাই কি কলে পঢ়ক

A

নিউজ ডেস্ক:

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ সপ্তম স্থানত উজলিল গুৱাহাটী চেইণ্ট মেৰিজ এইচএছ স্কুলৰ আশলেশা শৰ্মা।মেধাৱী ছাত্ৰী গৰাকীয়ে ৫৯১নম্বৰ লাভ কৰে।উল্লেখ্য যে শীৰ্ষ সপ্তমস্থান দখল কৰি মেধাৱী ছাত্ৰী গৰাকীয়ে কয়- “বহুত ভাল লাগিছে।স্কুলত আহি কেনেকুৱা লাগিছে মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো।”ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ মন আশলেশাৰ।
ইফালে গুৱাহাটী ক্লাব স্থিত তাৰিণী চৌধুৰী চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক স্কুলতো নিশা শৰ্মাই লাভ কৰে সপ্তম স্থান।নিশাই লাভ কৰে ৫৯১নম্বৰ।উল্লেখ্য যে, সুদীৰ্ঘ ১০বছৰৰ মূৰত বিদ্যালয়খনৰ পৰা শীর্ষ ১০ত স্থান পাবলৈ সক্ষম হৈছে নিশাই।ফলাফল লাভ কৰি বিদ্যালয়ত উপস্থিত হৈ নিশাই কয়- “কালিৰ পৰা ভয়ত আছিলো।পুৱাই অধ্যক্ষ ছাৰে ফোন কৰি জনাইছিল।ফলাফল লাভ কৰি মই সুখী।”ভৱিষ্যত সময়ত বিজ্ঞান শাখাত অধ্যয়ন কৰিব মেধাৱী ছাত্ৰী গৰাকীয়ে।
আনহাতে দুয়ো গৰাকী মেধাৱী ছাত্ৰী নিজ বিদ্যালয়ত উপস্থিত হোৱাৰ পিছত এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছিল শিক্ষানুষ্ঠান দুখনত।শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে উপস্থিত ছাত্ৰী-ছাত্ৰীসকলে অভিনন্দন জনাইছে দুই মেধাৱী ছাত্ৰীক।

Your Comments