
নিউজ ডেস্ক:
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিল ছিপাঝাৰৰ ভয়ংকৰ পথ দুর্ঘটনাত চিৰদিনৰ বাবে হেৰাই যোৱা তিনিজন ছাত্ৰ ৷নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ যোৱা তিনি দুৰ্ভগীয়া ছাত্ৰ ক্ৰমে - ৭২শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা নিহত ৰেকিব আলী, ৫২শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা ইন্দাদুল হক আৰু ৬১শতাংশ নম্বৰেৰে উত্তীৰ্ণ হোৱা জিণ্টুমনি আহমেদ।পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই তিনিও গৰাকী ছাত্ৰৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে ।পৰীক্ষাৰ এই ফলাফল লবলৈ তিনিও গৰাকী আজি এই পৃথিৱীত নাই।যোৱা ২৪মে'ত প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহাৰ সময়তে দ্রুতবেগী ট্ৰাকৰ চেপাত মৃত্যু হৈছিল তিনিও গৰাকীৰ।
পৰিতাপৰ বিষয় এই যে আজিৰ দিনটোত তেওঁলোক জিয়াই থকা হ'লে অন্য ছাত্ৰ ছাত্ৰীৰ দৰে আনন্দ উল্লাসেৰে ভৰি পৰিলহেঁতেন তেওঁলোকৰ লগতে পৰিয়ালবৰ্গ।
- Log in to post comments
- 11 views