
নিউজ ডেস্ক:
লংকাৰ পৰা চন্দ্ৰনাথপুৰ হৈ শিলচৰলৈ নতুনকৈ নিৰ্মাণ হ’ব ৰেল পথ। উক্ত ২০৮ কি. মি. পথছোৱা ৪৩.২৩ কোটি টকাৰ ব্যয়ৰে চাৰ্ভে কৰিব ৰেল বিভাগে ।
ত্ৰিপুৰা, মনিপুৰ, নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যত যাতে যোগাযোগৰ ক্ষেত্ৰত কোনো বাধা নহয় তাৰ ওপৰত লক্ষ্য কৰি উন্নতমানৰ প্ৰযুক্তি বিদ্যা ব্যৱহাৰ কৰি চেটেলাইট, ড্ৰোন আদিৰ সহায়ত পথছোৱা চাৰ্ভে কৰা হ’ব ৷লামডিং ৰেল জংচনটোত যাতে কোনো প্ৰভাৱ নপৰে জনজীৱনক সুচাৰু কৰিবলৈ এক নতুন যোগাযোগৰ ব্যৱস্হা কৰা হ’ব এই পথছোৱাত। বৰ্তমানলৈকে সঠিক হোৱা নাই নতুন পথছোৱা ক'ৰ পৰা কলৈ যাব সকলো চাৰ্ভে কৰাৰ পিছতহে পোহৰলৈ অহাৰ সম্ভৱনা।
উল্লেখ্য যে,ডিমাহাচাওৰ ৰেল পথৰ মেৰামতিৰ কাম চলি আছে। ১০ দিনৰ ভিতৰত বহু ক্ষতি হ'ল পথছোৱা। যদি বতৰ ভালে থাকে অহা জুলাইৰ প্ৰথম সপ্তাহৰ ভিতৰত ৰেল পথৰ মেৰামতিৰ কাম সম্পন্ন হ’ব। হাফলঙৰ পৰা বদৰপুৰ ৰেল ষ্টেচনৰ মাজতো বৰ্তমান ৰেলপথত কাম চলি আছে আৰু ১০-১২ দিনৰ ভিতৰত কাম সম্পূর্ণ হোৱাৰ আশা আছে ।
- Log in to post comments
- 48 views