চৰাইদেউ জিলাৰ সোণাৰিৰ ইউকো বেংকৰ গ্ৰাহক সন্মুখীন হৈছে বেংক হেকাৰৰ ।
সোণাৰিৰ ইউকো বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা লুট হৈছে ১ লাখ ৭০ হাজাৰ টকা ।
সোণাৰিৰ এখন চাহ বাগিচাৰ কৰ্মচাৰী ৰাজেন্দ্ৰ নাথ শৰ্মাই ১৪ ছেপ্টেম্বৰত চিকিৎসাজনিত কাৰণত গুৱাহাটীলৈ গৈ ধনৰ প্ৰয়োজন হোৱাত এটা এ টি এমৰ পৰা ৫০০০ টকা উলিয়াবলৈ বিচাৰে যদিও একাউণ্টত জমা থকা ধন এ টি এম মেচিনটোৱে প্ৰদৰ্শন নকৰে ।
পৰৱৰ্তী পৰ্যায়ত এ টি এমৰ পৰা মিনি ষ্টেটমেণ্ট উলিয়াবলৈ চেষ্টা কৰে যদিও সেয়াও বিফল হোৱাত লোকজন বুথটোৰ পৰা আঁতৰি আহে । কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পিছত ব্যক্তিজনৰ একাউণ্টৰ পৰা ধন উত্তোলন কৰাৰ মেছেজ মোবাইললৈ অহাত হতচকিত হৈ পৰে ।
কাৰণ লোকজন সোণাৰিত থকা সময়তে একাউণ্টৰ পৰা গণেশগুৰিৰ এটা শ্ব'পিং মলত ১৫ হাজাৰ টকাৰ বজাৰ কৰা বুলি মেছেজ আহে ।
ঘটনাটোত চিন্তিত হৈ পৰা লোকজন ১৭ ছেপ্টেম্বৰত সোণাৰিৰ ইউকো বেংকলৈ গৈ কৰ্তৃত্বশীল বিষয়াক বিষয়টো অৱগত কৰাত একাউণ্টৰ পৰা বিভিন্ন সময়ত সৰ্বমুঠ ১ লাখ ৭০ হাজাৰ টকা হৰলুকী হোৱাৰ কথা পোহৰলৈ আহে ।
ইফালে গ্ৰাহকৰ অজ্ঞাতে বিভিন্ন স্থানৰ পৰা কেনেকৈ এ টি এমৰ পৰা ধন উত্তোলন কৰা হৈছে সেয়াহে ৰহস্যজনক হৈছে ।
আনহাতে, এই সমগ্ৰ ঘটনাটোৰ আঁৰত হাৰিয়ানাৰ জনৈক সুনীল জড়িত আছে বুলি বেংক কৰ্তৃপক্ষই তথ্য উদ্টন কৰাৰ পাছত ভুক্তভোগী গ্ৰাহকগৰাকীয়ে সোণাৰি আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত এজাহাৰ দিয়াত সোণাৰি আৰক্ষীয়ে ১৯৫/১৮ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৪২০ আৰ ডব্লিউ ৬৬ ডি আই টিৰ অধীনত অনুসন্ধান অব্যাহত ৰাখিছে ।
- Log in to post comments
- 16 views