নগাঁৱৰ  জামুগুৰিত ৭৬সংখ্যক মনবৰ নাথ স্মৃতি দিৱস উদ্‌যাপন

নগাঁৱৰ  জামুগুৰিত ৭৬সংখ্যক মনবৰ নাথ স্মৃতি দিৱস উদ্‌যাপন

"দেশৰ  স্বাধীনতা আন্দোলনত ছহিদসকলৰ ত্যাগ আৰু আদৰ্শ মূল্যায়ন কৰি নতুন প্ৰজন্মৰ মাজত প্ৰকৃত দেশপ্ৰেম জগাই তুলিব পাৰিলেহে ছহিদ দিৱস পালনৰ সাৰ্থকতা থাকিব ।"

যোৱা ২০ ছেপ্টেম্বৰত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত ছহিদ মনবৰ নাথৰ ৭৬সংখ্যক স্মৃতি দিৱসত উপস্থিত থাকি এই মন্তব্য কৰে নাথ-যোগী জাতীয় পৰিষদৰ সভাপতি কীৰ্তি নাথে ।

নগাঁৱৰ  জামুগুৰিত ৭৬সংখ্যক মনবৰ নাথ স্মৃতি দিৱস উদ্‌যাপন

তিনিদিনীয়া  কাৰ্যসূচীৰে আয়োজিত ছহিদ দিৱসৰ প্ৰথম দিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰত বিদ্যালয়ৰ পৰিচালনা সমিতি তথা ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা  পৰিবেশ নিকাকৰণৰ অন্তত ২০ ছেপ্টেম্বৰত পুৱা ছহিদ বেদীত মাল্যপ্ৰদান-শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে নৰেন্দ্ৰ নাথ আৰু হৰেশ্বৰ নাথে ।

ইয়াৰ পাছতে পুষ্পেন্দ্ৰ হাজৰিকাই পতাকা উত্তোলন, নন্দেশ্বৰ নাথে বৃক্ষৰোপণ, গম্ভীৰ নাথ আৰু প্ৰিয় ভট্টাচাৰ্যৰ দ্বাৰা শোভাযাত্ৰা উদ্বোধন কৰা হয় ।

দুপৰীয়া ১২ বজাত সকলো ৰাইজৰ সহযোগত বেবেজীয়া-জামুগুৰি সংযোগী পথক ছহিদ মনবৰ নাথ পথ হিচাপে নামকৰণৰ স্থায়ী ফলক প্ৰতিষ্ঠা কৰা হয় ।

নগাঁৱৰ  জামুগুৰিত ৭৬সংখ্যক মনবৰ নাথ স্মৃতি দিৱস উদ্‌যাপন

বিয়লি ৩ বজাত বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত  থাকি নীপকোৰ জ্যেষ্ঠ প্ৰবন্ধক প্ৰহ্লাদ শংকৰ ভাগৱতীয়ে কয় যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ আহ্বানত দেশজুৰি চলা ভাৰত  ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি ব্ৰিটিছ ঔপনিবেশিকতাবাদৰ বিৰূদ্ধে মনবৰ নাথে ঢেকীয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে আৰক্ষীৰ গুলীত নিহত হৈছিল ।

নগাঁৱৰ  জামুগুৰিত ৭৬সংখ্যক মনবৰ নাথ স্মৃতি দিৱস উদ্‌যাপন

কিন্তু পৰিতাপৰ কথা, ছহিদজনাৰ এটাও প্ৰতিমূৰ্তি  অঞ্চলটোত স্থাপন নহ'ল । মনবৰ নাথ স্মৃতি দিৱস উদ্‌যাপন সমিতিৰ সম্পাদক উৎপল বৰদলৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, সমাজকৰ্মী খগেন চন্দ্ৰ নাথ, তিৱা স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ, মঙলদৈ বিদ্যুৎ বিভাগৰ সহকাৰী প্ৰবন্ধক উত্তম কুমাৰ নাথ আদিয়ে ভাষণ প্ৰদান কৰে ।

গম্ভীৰ নাথৰ দ্বাৰা লিখিত-সুৰাৰোপিত এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত প্ৰধান শিক্ষয়িত্ৰী প্ৰিয় ভট্টাচাৰ্য আৰু সহকাৰী শিক্ষয়িত্ৰী অঞ্জুৰাণী দেৱীৰ কবিতা আবৃত্তিয়ে উপস্থিত সকলোকে আপ্লুত কৰে ।

নগাঁৱৰ  জামুগুৰিত ৭৬সংখ্যক মনবৰ নাথ স্মৃতি দিৱস উদ্‌যাপন

উল্লেখ্য যে এই সভাতে প্ৰধান শিক্ষয়িত্ৰী প্ৰিয় ভট্টাচাৰ্যৰ নিজা উদোগত অঞ্চলটোৰ ৩০জন ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । নিশালৈ অনুষ্ঠিত হয় বিচিত্ৰানুষ্ঠান । ২১ ছেপ্টেম্বৰত চিত্ৰাংকন, আকস্মিক বক্তৃতা, মুকলি কুইজ প্ৰতিযোগিতা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

নিশালৈ গৌৰাঙ্গ, অভিজিৎ আৰু  চিন্ময়ে গীত পৰিবেশন কৰাৰ লগতে নগাঁও সংগীত বিদ্যালয়ৰ শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰে তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি মৰা হয় ।

Your Comments