ৰহাৰ বাৰপূজীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তেজনা । চিকিৎসালয়খনত চিকিৎসক বিচাৰি হাহাকাৰ ৰোগীৰ ।
নাই এজনো চিকিৎসক । উত্তেজিত লোকে চিকিৎসকৰ কোঠাত লগালে তলা । ব্যাপক অনিয়মত চিকিৎসালয়খন চলাৰ অভিযোগ ।
প্ৰাপ্ত খবৰ মতে, বাৰপুজীয়াৰ দৰঙীয়াল গাঁৱৰ এটি দুমহীয়া কেঁচুৱা চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ আনে ৷
কিন্তু চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰাৰ লগে লগে মাতৃগৰাকীয়ে সংজ্ঞা হেৰুৱাই পেলায় ৷
কিন্তু চিকিৎসকে মাতৃগৰাকীক চিকিৎসা নকৰাকৈ নিজৰ কোঠা এৰি গুচি যায় ৷
আনহাতে, বহু মহিলা-শিশুকো সময়ৰ দোহাই দি চিকিৎসকে চিকিৎসা নকৰাকৈ গুচি যায় ৷ ফলত ৰাইজ উত্তেজিত হৈ পৰে ৷
পিছত ক্ষুব্ধ ৰাইজে চিকিৎসকৰ কোঠাত তলা লগাই দিয়ে ৷ উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ এই বাৰপুজীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়খন একমাত্ৰ চিকিৎসালয় যদিও ইয়াত সময় মতে চিকিৎসক তথা অন্যান্য সা-সুবিধা পোৱা নাযায় ৷
তদুপৰি, চিকিৎসালয়খনত ব্যাপক অনিয়ম চলি থকা বুলিও ৰাই জেঅভিযোগ কৰে ৷
আনহাতে, এই বিষয়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ দিলেও গুৰুত্ব নিদিয়াৰ আন এক অভিযোগ উত্থাপন কৰে ৰাইজে ৷
- Log in to post comments
- 13 views