ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদী সভা

ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদী সভা

যোৱা দুদিন পূৰ্বে গোলাঘাটত বিজেপি নেতৃত্বাধীন আলু ছিণ্ডিকেটৰ বিৰুদ্ধে আলু ব্যৱসায়ীসকলে গোলাঘাট থানাত গোচৰ তৰিছিল যদিও আজিকোপতি গোলাঘাট আৰক্ষী তথা জিলা প্ৰশাসনে কোনো তৎপৰতা নোলোৱাত আজি গোলাঘাটৰ নাগৰিক সমাজ একত্ৰিত হৈ এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ।

প্ৰধানকৈ গোলাঘাট বিজেপি যুৱ মৰ্চাৰ সভাপতি নন্দকিশোৰ গোস্বামীৰ নেতৃত্বত আৰু তিনিজন সহযোগী ক্ৰমে অমল সোণোৱাল, ধন বৰা, মিণ্টু বৰাই আলু ব্যৱসায়ীক প্ৰতি ট্ৰাক আলুত প্ৰায় ১০ হাজাৰ কৰ নিৰ্ধাৰণ কৰি ছিণ্ডিকেটৰাজৰ আৰম্ভণি কৰিব খুজিছিল যদিও আলু ব্যৱসায়ীসকলে সেই কৰ দিবলৈ অমান্তি হোৱাত চাৰিওজনে গুণ্ডাগিৰি চলাই ধনদাবী কৰাত ব্যৱসায়ীসকলে উক্ত যুৱককেইজনৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত গোচৰ তৰে ।

ব্যৱসায়ীসকলৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই গোলাঘাট জিলা ছাত্ৰ সন্থাইও এক সংবাদমেলৰ আয়োজন কৰি গোলাঘাটত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা ছিণ্ডিকেটৰাজৰ বিৰোধিতা কৰাৰ লগতে এই কু-কাৰ্যৰ আৰম্ভণি গোলাঘাট জিলা আৱৰ্ত ভৱনৰ পৰা হোৱা বুলি দাবী কৰে ।

ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদী সভা

ইয়াৰোপৰি এই কাণ্ডৰ লগত গোলাঘাট আৰক্ষী জড়িত থকাৰ কথাও ব্যক্ত কৰে । লগতে অনতিপলমে দোষী কৰ্মীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছিল যদিও আজিলৈকে অভিযুক্ত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে আৰক্ষী ।

ইফালে বৰ্তমানলৈ আলু ব্যৱসায়ীসকলে প্ৰতিবাদ অব্যাহত ৰাখি আলু বিক্ৰী বন্ধ ৰখাত গোলাঘাটৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হোৱাত আজি গোলাঘাটৰ নাগৰিক সমাজ আৰু আটাছু, এ জে ৱাই চি পি, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা প্ৰমুখ্যে মুঠ ১০টা জাতীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ এক উচিত তদন্তৰ দাবী কৰাৰ লগতে দোষীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰো দাবী তোলে ।

Your Comments