
নিউজ ডেস্ক:
শিলসাঁকো উচ্ছেদক লৈ গুৱাহাটীত প্ৰতিবাদ কৃষক মুক্তি সংগ্রাম সমিতিৰ।শিলসাঁকোৰ উচ্ছেদিত জনতাক লগত লৈ চ'চলত সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখ্য যে শিলসাঁকো বিলৰ এশমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা দখলকাৰীক চৰকাৰ তথা প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।কৃষক মুক্তিৰ দাবী যদি জনতাক উচ্ছেদ কৰিছে তেন্তে শিলসাঁকোত থকা বদৰুদ্দিন আজমল, হিম্মতসিংকাৰ অট্টালিকাত হাতোৰা পৰিব লাগিব।
ইফালে বিধায়ক জয়ন্তমল্ল বৰুৱাইয়ো শিলসাঁকোত ভূমি দখল কৰি থোৱাৰ অভিযোগ ৰাইজৰ।কিন্তু সেই প্ৰভাৱশালী ব্যক্তিসকলক প্ৰশাসনে উচ্ছেদ কিয় কৰা নাই বুলিও প্ৰশ্ন কৰে।আইন সকলোৰে বাবে সমান হ’ব লাগিব, সেইসকল প্রভাৱশালী ব্যক্তিকো কৰিব লাগিব উচ্ছেদ।
আনহাতে প্ৰতিবাদত অংশগ্ৰহণ কৰি উচ্ছেদিত জনতাই কয় প্ৰভাৱশালী ব্যক্তিসকলৰ ঘৰ, হোটেল এশমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে আছে কিন্তু ভাঙিবলৈ সাহস নহয়।তীব্ৰ বৰষুণৰ মাজতো ন্যায় বিচাৰি ওলাই আহে প্ৰতিবাদকাৰীসকল।
ইফালে কৃষক মুক্তিৰ দাবী উচ্ছেদিত জনতাক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।
- Log in to post comments
- 10 views