
নিউজ ডেস্ক:
ৰাজ্যত শেহতীয়া প্ৰাকৃতিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত চলি থকা উচ্চতৰ মাধ্যমিক প্ৰথমবর্ষৰ পৰীক্ষা স্থগিত ৰখা হৈছে।১৮-২১মে' লৈ সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হ’ব লগা পৰীক্ষাসমূহ স্থগিত ৰখা হৈছে।লগতে ডিমা হাছাওত ১৮মেৰ পৰা ১জুনত অনুষ্ঠিত হ’ব লগা পৰীক্ষা সমূহো অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।তাৎপৰ্যপূৰ্ণ কথা এই যে শেহতীয়া ভাৱে ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে।
পাহাৰীয়া জিলা ডিমা হাছাওত প্রকৃতিয়ে লৈছে ৰুদ্ৰ মূৰ্তি।বিভিন্ন স্থানত ভয়ংকৰ ভূমিস্খলনে পাহাৰীয়া জিলাখনৰে যোগাযোগ বিচ্ছিন কৰি পেলাইছে।ঠিক একেদৰে প্ৰৱল বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত সৃষ্টি হৈছে ভয়ংকৰ বানৰ।
ইফালে শিক্ষা সংসদে প্রকাশ কৰা মতে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা।
- Log in to post comments
- 14 views