National Desk:
সমগ্ৰ দেশতে বৈদিক শিক্ষাৰ প্ৰসাৰৰ বাবে শীঘ্ৰেই এটা নতুন প্ৰকল্প আৰম্ভ হ’ব পাৰে। গুৰুত্বপূৰ্ণ কথা এই যে কেন্দ্ৰীয় শিক্ষা মন্ত্রালয়ে বেদভিত্তিক শিক্ষা ব’র্ডক স্বীকৃতি দিব; যিয়ে অন্যান্য শৈক্ষিক ব’র্ডসমূহৰ দৰে একে শাৰীতে কাম কৰিব৷ সংস্কৃত ভাষা আৰু গণিতৰ বিশেষজ্ঞসকলো এই প্ৰক্ৰিয়াত জড়িত হ’ব।
বৰ্তমান বৈদিক শিক্ষাৰ কোনো ডিগ্ৰী স্তৰৰ পাঠ্যক্ৰম নথকা সত্ত্বেও মন্ত্ৰালয়ে ছাত্ৰ-ছাত্ৰীসকলক বৈদিক শিক্ষা আৰু বেদভিত্তিক তথ্যৰে সজ্জিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ বৈদিক ব্যৱস্থাক আধুনিক শিক্ষাৰ সৈতে সংযোগ কৰাৰ চিন্তা-চৰ্চা কৰি এখন শিক্ষা ব’ৰ্ড গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আধুনিক সংস্কৃতিত বৈদিক পাঠ্যক্ৰম যাতে প্ৰাসংগিক হৈ থাকে তাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এখন সুকীয়া বৈদিক শিক্ষা ব’ৰ্ড গঠন কৰা হ’ব।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ মতে, আধুনিক সমাজত বৈদিক পাঠ্যক্ৰম প্ৰাসংগিক কৰি ৰাখিবলৈ এক অনন্য বৈদিক শিক্ষা ব’ৰ্ড গঠন কৰা হ’ব। শিক্ষা মন্ত্ৰালয়ৰ মতে বেদ ভাৰতীয় সভ্যতাৰ ভেটি।
কেন্দ্ৰই বৰ্তমানৰ বাবে ৫ খন বৈদিক শিক্ষাৰ বিদ্যাপীঠ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ নেতৃত্ব দিব মহৰ্ষি সন্দীপনী প্ৰতিস্হান৷ বিদ্যাপীঠ কেইখন স্থাপন কৰা হ’ব চাৰি ধামৰ লগতে অসমৰ প্ৰসিদ্ধ কামাখ্যা মন্দিৰত।
বেদ বিদ্যাৰ সৈতে জড়িত বেদশংকৰ লাল চতুৰ্বেদীয়ে কয়- "NEP ৰ অধীনত ভাৰতীয় পৰম্পৰাগত জ্ঞানক আগুৱাই নিয়াত বেদ শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বৈদিক শিক্ষা কোনো ধৰ্মীয় বিষয় নহয়, বৰঞ্চ ইয়াত পূৰ্ণাংগ জীৱন -যাপনৰ জ্ঞান আৰু বিজ্ঞান অন্তৰ্ভুক্ত কৰা হৈছে।"
- Log in to post comments
- 14 views