"সমাজৰ জ্যেষ্ঠসকল কণিষ্ঠ সকলৰ বাবে সদায়ে আদৰ্শ হৈয়ে থাকে৷ জ্যেষ্ঠসকলে দেখুওৱা পথেৰেহে নতুন প্ৰজন্ম আগবাঢ়ি আহিব৷ সেয়ে জ্যেষ্ঠ নাগৰিক সকল আদৰ্শবান হোৱা উচিত ৷"
এই মন্তব্য বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী অমৃ়তভূষণ ফৌজদাৰৰ৷ বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ সিদলসতীস্থিত শ্ৰীশ্ৰী জগদ্ধাত্ৰী মন্দিৰ প্ৰাংগনত অনুষ্ঠিত সিদলসতী-কাকৈজানা জ্যেষ্ঠ নাগৰিক পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ফৌজদাৰে সমাজত জ্যেষ্ঠ নাগৰিকসকলৰ সুখ দুখ, আশা-নিৰাশাৰ কথা মনোজ্ঞ ভাবে আলোকপাত কৰে ৷
সিদলসতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মোঃ আব্দুল হাইৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে এতদ অঞ্চলৰ বিশিষ্ট জ্যেষ্ঠ নাগৰিক গিৰিণ চন্দ্ৰ বৰ্মনে৷ পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ সভাপতি মাহেন চন্দ্ৰ বৰ্মনে আৰু পৰিষদৰ অন্তৰ্গত প্ৰয়াত সদস্যসকলৰ সোঁৱৰণত স্মৃতি তৰ্পণ কৰে সম্পাদক তুলাৰাম ৰায়ে ৷
সিদলসতী-কাকৈজানা অঞ্চলৰ প্ৰায় আঢ়ৈ শ মান সদস্য উপস্থিত থকা সভাত পৰিসদৰ প্ৰবীণ সদস্য যাদৱ চন্দ্ৰ ৰায়ে জ্যেষ্ঠ নাগৰিক সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে ৷
- Log in to post comments
- 17 views